অপৰাধঅসম

কণমানি পুত্ৰক প্ৰাণে মৰাৰ ভাবুকি দি মহিলাক ধৰ্ষণ কৰিলে দুই পাষণ্ডই, কাটি পেলালে চাৰিটাকৈ আঙুলি

২৪ তাৰিখৰ নিশা নিজ সন্তানৰ সৈতে ঘৰত অকলে থকাৰ সময়তে সুযোগ বুজি ঘৰত প্ৰৱেশ কৰে একে অঞ্চলৰে মনিৰ উদ্দিন আৰু ৰিয়াজ উদ্দিন নামৰ দুই যুৱক। পাষাণ যুৱকদ্বয়ে মহিলাগৰাকীৰ পুত্ৰক দাৰে আঘাত কৰি হত্যাৰ ভাবুকি দিয়ে

কোন দিশে ঢাপলি মেলিছে সমাজ? কিমান নিষ্ঠুৰ হ’লে কোনোবাই কৰিব পাৰে সমাজক লজ্জানত কৰিব পৰা কাম। আনক কষ্ট দি পৈশাচিক আনন্দ লোৱাটো এতিয়া যেন সমাজৰ এচাম নৰপিশাচৰ বাবে হৈ পৰিছে ভাল লগা কাম।

আপুনি মনত কল্পনা কৰিবলৈও ঘিণ কৰিবলগীয়া এক ঘটনা সংঘটিত হৈছে এইখন অসমতে। কাছাৰ জিলাৰ ধলাই পুনিহাওয়াইৰ ঘটনা এয়া। মহিলাক ধৰ্ষণ কৰি পৈশাচিক আনন্দ ল’লে দুটা নৰপিশাচে।

২৪ অক্টোবৰতেই সংঘটিত হৈছিল এই জঘন্য ঘটনা। ২৪ তাৰিখৰ নিশা নিজ সন্তানৰ সৈতে ঘৰত অকলে থকাৰ সময়তে সুযোগ বুজি ঘৰত প্ৰৱেশ কৰে একে অঞ্চলৰে মনিৰ উদ্দিন আৰু ৰিয়াজ উদ্দিন নামৰ দুই যুৱক। পাষাণ যুৱকদ্বয়ে মহিলাগৰাকীৰ পুত্ৰক দাৰে আঘাত কৰি হত্যাৰ ভাবুকি দিয়ে। পৰৱৰ্তী সময়ত লম্পট যুৱকে উপৰ্যুপৰি ধৰ্ষণ কৰে মহিলাগৰাকীক। পিছে ইমানতে ক্ষান্ত নাথাকিল পাষণ্ড দুটা। পাষণ্ড দুটাই মহিলাগৰাকীক ধৰ্ষণ কৰাৰ লগতে মহিলা গৰাকীৰ হাতৰ চাৰিটা আঙুলি চোকা অস্ত্ৰৰে কাটি দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাই।

২৪ অক্টোবৰতে এই জঘন্য ঘটনা সংঘটিত হৈছিল যদিও প্ৰাণৰ শংকাত ঘূৰি ফুৰিছিল অসহায় মহিলাগৰাকী। ইপিনে এই ঘটনাৰ পিছত ভুক্তভোগী মহিলা গৰাকীয়ে ধলাই আৰক্ষী চকীত মনিৰ উদ্দিন আৰু ৰিয়াজ উদ্দিনক অভিযুক্ত কৰি গোচৰ ৰুজু কৰিছিল যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী মহিলা গৰাকীৰ ৷

কেৱল এয়াই নহয়, অভিযুক্তসকলে মহিলাগৰাকীক দিছে প্ৰাণে মৰাৰ ভাবুকি। যাৰবাবে উপায়ন্তৰ হৈ অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিছে মহিলাগৰাকী। পিছে এইখিনিতে প্ৰশ্ন হয়, সঁচায়ে ন্যায় পাবনে এইগৰাকী অসহায় মহিলাই। এই ঘটনাই এতিয়া সকলোৰে মনত নাৰীৰ সুৰক্ষা সন্দৰ্ভত উদয় কৰিছে এক প্ৰশ্নৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button