আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনা

পথৰ মাজতে বিস্ফোৰিত হ’ল তেলভৰ্তি টেংকাৰ, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটিলে ৯৯ জন লোকে

দুৰ্ঘটনা হোৱা ঠাইত নিৰাপত্তাৰক্ষীৰ সহায়ত এতিয়াও আপোনজনক বিচাৰি হাবাথুৰি খাইছে আত্মীয়ই

তেলভৰ্তি টেংকাৰ বিস্ফোৰিত হৈ মৃত্যুক সাবটিলে শতাধিক লোকে। শুকুৰবাৰে, দক্ষিণ আফ্ৰিকাৰ চিয়েৰা লিয়নিত হোৱা সংঘৰ্ষৰ ফলত বিস্ফোৰিত হয় এখন তেলভৰ্তি টেংকাৰ।

পথৰ মাজতে বিস্ফোৰিত হ'ল তেলভৰ্তি টেংকাৰ, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটিলে ৯৯ জন লোকে

শুকুৰবাৰে, ৱেলিংটনত পথৰ মাজত ৰখাই থোৱা টেংকাৰত খুন্দা মাৰে এখন চলন্ত ট্ৰাকে।

পথৰ মাজতে বিস্ফোৰিত হ'ল তেলভৰ্তি টেংকাৰ, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটিলে ৯৯ জন লোকে

সংঘৰ্ষৰ ফলত বাহনখনৰ পৰা তেল নিগৰিবলৈ আৰম্ভ হয়। ইয়াৰ পৰৱৰ্তী সময়ত বাহনৰ পৰা তেল নিগৰি থকাৰ সময়তে ৰাস্তাৰ কাষৰ দোকান আৰু ঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ বিস্ফোৰিত হয় বাহনখন। ৰাস্তাত হোৱা ভয়ংকৰ বিস্ফোৰণৰ ফলত ট্ৰেফিকত ৰৈ থকা কেইবাখনো বাহন ততালিকে জ্বলি যায়। কেৱল এয়াই নহয়, ঘটনাৰ ফলত গাড়ীৰ ভিতৰতে মৰ্মান্তিকভাৱে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লয় সৰহ সংখ্যক লোকে।

পথৰ মাজতে বিস্ফোৰিত হ'ল তেলভৰ্তি টেংকাৰ, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটিলে ৯৯ জন লোকে

চিয়েৰা লিয়নিত হোৱা এই ভয়ংকৰ বিস্ফোৰণৰ ফলত ৯৯ জন লোক নিহত হয়। আনকি বৰ্তমানেও হাস্পতালত ভৰ্তি হৈ আছে শতাধিক লোক। এই ঘটনাই এতিয়া স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে দক্ষিণ আফ্ৰিকাৰ লগতে সমগ্ৰ বিশ্বত। দুৰ্ঘটনা হোৱা ঠাইত নিৰাপত্তাৰক্ষীৰ সহায়ত এতিয়াও আপোনজনক বিচাৰি হাবাথুৰি খাইছে আত্মীয়ই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 6 =

Back to top button