Social Networkজীৱনশৈলীবলিউড

যমজ সন্তানৰ মাতৃ হ’ল প্ৰীতি জিন্টা, প্ৰীতি-জীনৰ মুখত হাঁহি বিৰিঙাই ঘৰলৈ আহিল জয় আৰু জীয়া

প্ৰীতি জিন্টা আৰু জীন গুডেনাফৰ মুখত হাঁহি বিৰিঙালে নতুন আলহী জয় আৰু জীয়াই

মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টাৰ জীৱনলৈ সুখৰ বন্যা। যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰীগৰাকী।

বৃহস্পতিবাৰে, ইনষ্টাগ্ৰামযোগে ঘৰলৈ নতুন আলহী অহাৰ কথা অনুৰাগীৰ আগত ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে। প্ৰীতি জিন্টা আৰু জীন গুডেনাফৰ মুখত হাঁহি বিৰিঙালে নতুন আলহী জয় আৰু জীয়াই।

ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে এই সুখবৰ দিয়াৰ পিছতে বন্ধু অভিষেক বচ্চন, মাধুৰী দীক্ষিতৰ লগতে বহুতেই শুভকামনাৰে ওপচাই পেলায় দম্পতীহালক। অৱশ্যে, চাৰগেচি মাধ্যমেৰেহে সন্তানৰ মাতৃ-পিতৃ হয় প্ৰীতি আৰু জীন।

বৃহস্পতিবাৰে, ইনষ্টাগ্ৰামত প্ৰীতি জিন্টাই লিখে-“সকলোকে স্বাগতম, আজি মই আপোনালোকৰ সৈতে আমাৰ এটা ভাল খবৰ শ্বেয়াৰ কৰিব বিচাৰিছো। জীন আৰু মই যথেষ্ট সুখী, যিহেতু আমাৰ দুয়োৰে জীৱনলৈ আহিল আমাৰ যমজ সন্তান জয় জিন্টা গুডেনাফ আৰু জিয়া জিন্টা গুডেনাফ। আমাৰ জীৱনৰ নতুন অধ্যায়ৰ বাবে আমি যথেষ্ট আগ্ৰহী। এই যাত্ৰাত অংশ লোৱাৰ বাবে মই চিকিৎসক, নাৰ্চ আৰু আমাৰ চাৰগেটক ধন্যবাদ জ্ঞাপন কৰিছো। মৰমেৰে-জীন, প্ৰীতি, জয় আৰু জিয়া”।

উল্লেখ্য যে, ২০১৬ চনতে বিবাহপাশত আৱদ্ধ হোৱা প্ৰীতি জিন্টা বিবাহ সূত্ৰে বৰ্তমান লচ এঞ্জেলছত বসবাস কৰে। ‘Dil Se’, ‘Lakshya’, ‘Salaam Namaste’, ‘Kal Ho Na Ho’, ‘Veer-Zaara’ and ‘Dil Chahta Hai’ আদি চিনেমাত অভিনয়ৰে দৰ্শকৰ মন মোহা অভিনেত্ৰীগৰাকীক এতিয়া শুভেচ্ছাৰে ওপচাই পেলাইছে সকলোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.