Covid-19Socialঅৰ্থনৈতিকঅসমজীৱনশৈলীপৰিৱেশ

গ্ৰাম্য পৰ্য্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ মানসেৰে ১২বিঘা মাটি খান্দিছে বিপিন চাউদাঙে

পৰিকল্পটোত মৎস্য পালনৰ লগতে ৰোপন কৰিছে বিভিন্ন গছ পুলি আৰু পশুপালন

মৰাণৰ খুমটাইৰ চাহ বাগিচাত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে নিজৰ ১২বিঘা মাটিত খান্দিছে এটা বৃহৎ পুখুৰী। পুখুৰীটোত মেলি দিছে ৬ কুইণ্টল ৰৌ, বাহু, মিৰিকা মাছ। লগতে মেলিছে একেই প্ৰজাতি মাছৰ দহ হাজাৰ পোনা।

পুখুৰীটোৰ চৌপাশে ৰোপন কৰিছে ২৩ টা নাৰিকলৰ পুলি, ২০০ জোপা কাজিনেমু পুলি, কেইবাশ তামোল পুলিকে ধৰি বিভিন্ন প্ৰজাতিৰ ফলমূলৰো পুলি।

পৰিকল্পটোত মৎস্যৰ লগতে শিল্পী গৰাকীয়ে কৰিছে পশুপালন। ২০০ হাঁহ আৰু ২০০ কুকুৰাৰে আৰম্ভ কৰি অনাগত দিনত গাহৰি আৰু গৰু পোহাৰো ঠিৰাং কৰিছে চাউদাঙে।

গ্ৰাম্য পৰ্য্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ মানসেৰে গঢ় দিয়া এই পৰিকল্পটোত মৰাণ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলে দৈনিক ভীৰ কৰাৰ পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বিপিন চাউদাঙে কৰ’ণা মহামাৰীৰ সময়ত জীৱিকাৰ বাবে বিকল্প পথ বাছি লৈ ১২টা পৰিয়ালৰ সদস্যক সংস্থাপন দিয়া দিয়াৰ লগতে আন বহু ক’লা কুশলী আৰু উপাৰ্জনৰ বাট হেৰুৱা লোকৰ বাবে হৈ পৰিছিল আদৰ্শ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.