অসমপৰিৱেশবতৰ

প্ৰতিকূল বতৰে ম্লান কৰিছে দেৱালীৰ মাদকতা, অনাগত ৩দিন ৰাজ্যত প্ৰতিকূল বতৰৰ সম্ভাৱনা!

ৰাজ্যত দেৱালীৰ সময়ত বতৰক লৈ সকলোৰে মাজত শংকা

ৰাজ্যত দেৱালীৰ সময়ত বতৰক লৈ সকলোৰে মাজত শংকা। প্ৰতিকূল বতৰে ম্লান কৰিছে দেৱালীৰ মাদকতা। অনাগত ৩দিনলৈ ৰাজ্যত প্ৰতিকূল বতৰৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। গুৱাহাটীতো কেইবাদিনলৈয়ো হ’ব প্ৰবল বৃষ্টিপাত। আৰু গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলতো এই বৃষ্টিপাত অব্যাহত থাকিব। সমগ্ৰ অঞ্চলটোতে ধাৰাষাৰ বৰষুণৰ প্ৰকোপ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে। ২৮ অক্টোবৰলৈ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি,বংগোপসাগৰত উত্পত্তি হোৱা সাগৰীয় ধুমুহা ছিত্ৰং (Sitrang)ৰ প্ৰভাৱ উত্তৰ-পূৱত আংশিকভাৱে পৰিব বুলি জানিব পৰা গৈছে।

Mumbai to get rain on Diwali, says IMD | Cities News,The Indian Express

উল্লেখ্য যে, এইবাৰ দেৱালীৰ দিনা ডাৱৰীয়া হৈ থাকিব আকাশ। বৰষুণ, বতাহ আৰু ছিত্ৰাঙৰ বাবে দেৱালীৰ আনন্দ–উচাহ এইবাৰ সেমেকা হৈ পৰিল। অসমৰ বিভিন্ন ঠাইত বৃষ্টিপাতে এতিয়া ম্লান কৰিছে দেৱালী উদযাপনৰ উল্লাস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button