leatest updatenationalPMo indiaSocialuttarakhand

বন্ধ হ’ল খননকাৰ্য! উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰত পুনৰ বাধা…

অ’গাৰ ড্ৰিলিং মেচিনৰ খুন্দা ধাতুৰ পদাৰ্থত

উত্তৰাখণ্ডৰ সুৰংগ দুৰ্ঘটনা
গৈ গৈ ৰৈ যায় উদ্ধাৰ অভিযান
শুকুৰবাৰে উদ্ধাৰ অভিযানত আকৌ বাধা
অ’গাৰ ড্ৰিলিং মেচিনৰ খুন্দা ধাতুৰ পদাৰ্থত
বন্ধ কৰিবলগীয়া হ’ল খননকাৰ্য
দুদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বন্ধ খননকাৰ্য
বৃহস্পতিবাৰে ড্ৰিলিং মেচিনতে ঘটিছিল বিসংগতি
মেৰামতিৰ পিছত শুকুৰবাৰে পুনৰ আৰম্ভ হয় কাম
কিন্তু কিছু সময়ৰ পিছতে কঠিন ধাতুৰ পদাৰ্থত খুন্দা
১২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা উদ্ধাৰ অভিযান শেষ পৰ্যায়ত উপনীত হৈছে যদিও বাৰে বাৰে বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে। বৃহস্পতিবাৰে ড্ৰিলিং মেচিনত বিসংগিতৰ বাবে খননকাৰ্য বন্ধ ৰাখি মেচিনটো মেৰামতি কৰা হয়। মেচিন মেৰামতি কৰাৰ পিছত খননকাৰ্য পুনৰ আৰম্ভ হয় যদিও কেইমিটাৰমান আগবঢ়াৰ পিছতে কঠিন ধাতৱ পদাৰ্থত মেচিনৰ পাংখা লাগি ধৰে। ফলত খননকাৰ্য আগুৱাব নোৱাৰা হয়। বিশেষজ্ঞসকলে এতিয়া এই নতুন সমস্যা সমাধানৰ উপায় বিচাৰি আছে। মেচিনটোৱে এতিয়ালৈকে ৪৬.৮ মিটাৰ দূৰত্ব খান্দিলে। আৰু মাত্ৰ কেইমিটাৰমান গ’লেই সুৰংগটো ভাগি পৰা অংশত উপনীত হ’ব পৰা যাব। এই কেইমিটাৰমান আগবঢ়াটোতেই এতিয়া বাৰে বাৰে বাধাৰ সৃষ্টি হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.