শ্ৰেণীবিহীন

১৯৯খন আসনৰ বাবে পুৱাৰে ৰাজস্থানত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

বিয়লি ৬ বজালৈকে অব্যাহত থাকিব ভোটগ্ৰহণ...

আৰম্ভ হ’ল ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
আজি ১৯৯খন আসনৰ বাবে ভোটগ্ৰহণ
প্ৰাৰ্থীৰ মৃত্যুৰ বাবে স্থগিত কৰা হ’ল এখন আসনৰ ভোটগ্ৰহণ
ৰাজস্থানত মুঠ ভোটাৰৰ সংখ্যা ৫.২ কোটি
ৰাজ্যখনত পুৰুষ ভোটাৰৰ সংখ্যা ২.৭৩ কোটি
বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ২.৫২ কোটি
৩৪খন SC আৰু ২৫খন STৰ বাবে সংৰক্ষিত
যুৱ ভোটাৰৰ সংখ্যা ২২ লাখ
১৭,২৪১গৰাকী ১০০বছৰ উৰ্ধ্বৰ ভোটাৰ
মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৫১ হাজাৰৰো অধিক
EVM মেচিন ব্যৱহাৰ হৈছে ৬৫ হাজাৰৰো অধিক
১ লাখৰো অধিক জোৱান নিয়োজিত সুৰক্ষা ব্যৱস্থাত

পুৱাৰে পৰা ৰাজস্থানত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজস্থান বিধানসভাৰ ১৯৯খন আসনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হয়। বিয়লি ৬ বজালৈকে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব। ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে পাৰ কৰিবলৈ এক লাখৰো অধিক সুৰক্ষা কৰ্মী ৰাজ্যজুৰি নিয়োজিত কৰা হৈছে। ৰাজধানী জয়পুৰৰ লগতে উদয়পুৰ, জয়ছেলমেৰ, বিকানেৰ, যোধপুৰ, কোটা, আলৱাৰ আৰু শিকৰ আদি নিৰ্বাচনী জিলাত ভোটদানৰ বাবে জনতা লাহে লাহে ওলাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ ভোটাৰসকলক অভিনন্দন দিয়াৰ লগতে নিজৰ মতাধিকাৰ সাব্যস্ত কৰি ভোটদানৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰাৰ বাবে আহ্বান জনাইছে। সমগ্ৰ ৰাজ্যখনত ৪১,২২৪খন সৰু–ডাঙৰ বাহন ব্যৱহাৰ কৰা হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে পাৰ কৰাৰ বাবে। ১৯৯খন আসনৰ বিভিন্ন ভোটকেন্দ্ৰ মিলি ৬৫,২৭৭টা ই ভি এম মেচিন ব্যৱহাৰ কৰা হৈছে। ৰাজ্যখনৰ ২.৭৪ লাখ কৰ্মচাৰী ভোটৰ দায়িত্বত নিয়োগ কৰা হৈছে। সৰ্বমুঠ ৫১,৫০৭টা প’লিং বুথ সাজু কৰা হৈছে ভোটগ্ৰহণৰ বাবে। ইয়াৰে ১০,৫০১টা ভোটগ্ৰহণ কেন্দ্ৰ নগৰ অঞ্চলত আৰু ৪১,০০৬টা গ্ৰামাঞ্চলত অৱস্থিত। মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ২৬,৩৯৩টা কেন্দ্ৰত লাইভ ৱেবকাষ্টিঙৰ জৰিয়তে পোনপটীয়া নজৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + three =

Back to top button