
ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশনৰ বাবে গৈছিল জুবিন গাৰ্গ। অনুষ্ঠান সামৰি সাগৰত স্কুৱা ড্ৰাইভিঙৰ বাবে গৈছিল শিল্পী গৰাকী । “মন যাই” বুলি কৈয়েই যিকোনো কাম কৰিব কৰিব পৰা সাহস ৰখা জুবিন গাৰ্গে লাইফ জেকেট খুলি সাঁতুৰিবলৈ মন মেলিছিল তেওঁ। কিন্তু সেই যাযাবৰী মনৰ মানুহজনে কল্পনা কৰা নাছিল সেই সাগৰেই নমাই আনিব জুবিন গাৰ্গৰ জীৱনলৈ কাল অমানিশা। সাগৰৰ মাজত বন্ধ হৈ পৰিছিল জুবিন গাৰ্গৰ হৃদযন্ত্ৰৰ ক্ৰিয়া। ততাতৈয়াকৈ ছিংগাপুৰ জেনেৰেল হস্পিটেলত ভৰ্তি কৰোৱা হয় তেখেতক। শ্বাস-প্ৰশ্বাস লাহে লাহে বন্ধ হৈ পৰিছিল শিল্পী গৰাকীৰ, আৰু অৱশেষত চিকিৎসকে জুবিন গাৰ্গ মৃত বুলি ঘোষণা কৰে। ভাৰতীয় সময় অনুযায়ী বিয়লি ২.৪৫ আৰু ছিংগাপুৰৰ সময় অনুযায়ী ৫.১৪ মিনিটত ছিংগাপুৰৰ জেনেৰেল হস্পিটেলৰ আপাতকালীন কক্ষত শেষ নিশ্বাস ত্যাগ কৰে অসমবাসীৰ প্ৰাণৰ শিল্পী গৰাকী।
আশাৰে বাট চাই আছিল অসমবাসী যে ছিংগাপুৰৰ পৰা সু শৰীৰে ঘূৰি আহিব হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কিন্তু কেতিয়াও সপোনতো ভাবিব নোৱাৰা এই খবৰে মৰ্মান্তিক কৰি তুলিলে প্ৰতিগৰাকী অসমবাসীক।
আকাশত আজি নীৰৱতা নামিছে,
তৰাৰ মাজত সুৰৰ নদী থমকি ৰৈছে,
গীতাৰৰ ৰঙীন তাৰবোৰ নিঃশব্দ হৈছে,
কিংবদন্তীৰ প্ৰতিটো গীতত বসন্তৰ সুবাস, শীতল পৱনৰ শ্বাস।
হৃদয় ভাঙি পৰিছে লক্ষ লক্ষ জুবিন অনুৰাগীৰ।
কান্দোনৰ ৰোল উঠিছে সকলোৰে মাজত। সপোন অগোচৰ এই ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য।
১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ত জন্ম গ্ৰহণ কৰিছিল জুবিন গাৰ্গে। পঢ়াৰ প্ৰতি ধাউতি নথকা দীঘল চুলিৰ লʼৰাজনে যাযাবৰী হৈ গানেৰে জগত জিনাৰ সপোন দেখিছিল। বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাত পৰীক্ষাৰ পেপাৰ ফালি উলাই আহিছিল। মহাবিদ্যালয়ৰ অধ্যক্ষৰ প্ৰশ্নত তেওঁ চিধাকৈ উত্তৰ দিছিল, “গানেই তেওঁৰ জীৱন”। সেই বৰ্ষতে যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কন্ঠশিল্পীৰ খিতাপ অৰ্জন কৰি দেখুৱাই দিছিল ভাবিলেই সকলো কৰিব পাৰে তেওঁ।
১৯৯২ চনত অনামিকাৰ জড়িয়তে সংগীত জগতত খোজ পেলোৱা জুবিন গাৰ্গে প্ৰায় ৪০ টা ভাষাত ৩৮ হাজাৰৰো অধিক গীতত কন্ঠ নিগৰাইছিল। ২০০২ চনত গৰিমা শইকীয়া গাৰ্গৰ সৈতে সাংসাৰিক জীৱনৰ পাতনি মেলিছিল। সংগীতকেই নিজৰ জীৱন হিচাপে লৈ আজীৱন পাৰ কৰি গʼল মহানায়ক গৰাকীয়ে। তেখেত আছিল উদাৰ, কাকো কেতিয়াও নিৰাশ নকৰা ব্যক্তি গৰাকীয়ে জীৱনৰ শেষ সময়খিনিত সকলোকে নিৰাশ কৰি অজান দেশলৈ অজানিতে গুচি গʼল।
বৰ্তমান ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ Emargency কক্ষত ৰখা হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ। অসম চৰকাৰৰ তত্বাৱধানত অচিৰেই অসমলৈ অনা হʼব তেখেতৰ নশ্বৰ দেহ।
