অপৰাধঅসম

আন্ধাৰৰ সুযোগ লৈ কোনে হানি-খুচি হত্যা কৰিলে পিণ্টুক? ন্যায় বিচাৰি প্ৰতিবাদত গাড়ী চালক সন্থা…

ঘটনা ১২ মে' তাৰিখ, বৃহস্পতিবাৰৰ। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল  পিণ্টু শৰ্মা নামৰ চালকজন।

উত্তপ্ত তিনিচুকীয়া। সতীৰ্থৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদত বহিল একাংশ। পিণ্টু শৰ্মাৰ ন্যায় বিচাৰি তিনিচুকীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদত বহিল সদৌ অসম গাড়ী চালক সন্থা।

 

ঘটনা ১২ মে’ তাৰিখ, বৃহস্পতিবাৰৰ। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল  পিণ্টু শৰ্মা নামৰ চালকজন।  ১২ তাৰিখে নিশা প্ৰায় ১০ বজাত কামৰ পৰা ঘৰলৈ উভতাৰ পথতেই কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে পেটত প্ৰহাৰ কৰি হত্যা কৰে পিণ্টুক।

 

কিন্তু হত্যাকাণ্ডৰ দুটা দিন উকলি যোৱাৰ পাছতো আজিলৈকে শুংসূত্ৰ নোলাল হত্যাকাৰীৰ। আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান উলিয়াই কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত আজি তিনিচুকীয়া-মাকুম সংযোগী পথত সদৌ অসম গাড়ী চালক সন্থাৰ নেতৃত্বত গাড়ী চালকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। পিন্টু শৰ্মাৰ মৃত্যুৰ উচিত ন্যায়ৰ দাবীত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্য্যসূচী।

 

পিণ্টু শৰ্মাৰ সতীৰ্থসকলে হত্যাকাৰীক কৰায়ত্ব কৰাৰ উপৰিও গাড়ীচালকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনায়৷ এইখিনিতে প্ৰশ্ন হয়, কিহৰ বাবে, কোনে নৃশংসভাৱে হত্যা কৰিলে পিণ্টু শৰ্মাক, কেতিয়া ন্যায় পাব পিণ্টুৱে, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰৰ বাবে এতিয়া অপেক্ষাৰত পিণ্টু শৰ্মাৰ পৰিয়ালবৰ্গ আৰু সতীৰ্থ। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ ৰহস্য়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.