AssamCMO AssamGovernment SchemeHimanta Biswa Sarmaঅসমআঞ্চলিকদৈনিক বাতৰি

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিনটোতে অসম কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অহা ২২জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আটাইকেইগৰাকী কেবিনেট মন্ত্ৰীয়ে অযোধ্যাৰ ৰাম লালাক দৰ্শন কৰিব

সোমবাৰে বিয়লি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল সম্বোধন কৰি সদৰি কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অহা ২২জানুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আটাইকেইগৰাকী কেবিনেট মন্ত্ৰীয়ে অযোধ্যাৰ ৰাম লালাক দৰ্শন কৰিব।

গঢ়পুৰত ছহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিধেয়ক খন আগন্তুক বাজেট অধিবেশনত উত্থাপন কৰা হ’ব।

আনহাতে, ৰাজ্য চৰকাৰৰ পৰীক্ষাত সংঘটিত বেমেজালি ৰোধ কৰাৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ। পৰীক্ষাৰ বেমেজালি ৰোধ কৰাৰ বাবে আনিব এখন নতুন আইন।

ইয়াৰ উপৰিও মিচন বসুন্ধৰা ২ ৰ জৰিয়তে ২,২৯,৬২৯ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা সিদ্ধান্ত লোৱাৰ উপৰিও BTRৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ ৪০০ কোটি টকা অনুমোদন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.