AssamCity newsWild lifeঅসমগুৱাহাটীজন্তুজীৱনশৈলীদৈনিক বাতৰিপৰিৱেশপৰ্যটনবন্যপ্ৰাণীভাৰত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত অঞ্চলত পঞ্চম কাজিৰঙা পক্ষী গণনা আৰম্ভ

বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সহযোগত পঞ্চম বাৰৰ বাবে জলচৰ পক্ষী গণনা আৰম্ভ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ১১৮ টা জলাশয় সামৰি লোৱা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত অঞ্চলত আজিৰ পুৱাৰে পৰা আৰম্ভ হৈছে ২০২২-২৩ বৰ্ষৰ পক্ষী গণনা। বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ সহযোগত পঞ্চম বাৰৰ বাবে জলচৰ পক্ষী গণনা আৰম্ভ হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ১১৮ টা জলাশয় সামৰি লোৱা হৈছে। আজি পুৱাৰ পৰা আৰম্ভ হোৱা ২০২২-২৩ বৰ্ষৰ গণনা প্ৰক্ৰিয়াত মহাৰাষ্ট্ৰ, মেঘালয়কে ধৰি বিভিন্ন প্ৰান্তৰ পক্ষী বিশেষজ্ঞৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলক নিয়োজিত কৰা হৈছে।

উল্লেখ্য যে, উদ্যান কৰ্তৃপক্ষই ২০১৮-১৯ বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হোৱা প্ৰথম গণনাত ১১ হাজাৰ ৫০০ পক্ষী থকাৰ বিপৰীতে ২০১৯-২০ বৰ্ষত হোৱা দ্বিতীয় গণনাত ১৯ হাজাৰ ২২৫ টা পক্ষী থকাৰ কথা জানিবলৈ দিছে আৰু ২০২১-২২ বৰ্ষত কাজিৰঙাৰ ৫২টা জলাশয়ত চলোৱা গণনা প্ৰক্ৰিয়াত ১২২ টা প্ৰজাতিৰ মুঠ ৯৩,৪৫১টা জলচৰ পক্ষী চিনাক্ত কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − 4 =

Back to top button