Educationঅসমআঞ্চলিক

শিক্ষক দিৱস পালনৰ অৰ্থ কি যদি শিক্ষকেই হয় অৱহেলিত!

শিক্ষক দিৱসৰ দিনাই উচুপি উঠিল বহু কেইজন শিক্ষকে

শিক্ষক দিৱস পালনৰ অৰ্থ কি যদি শিক্ষকেই হয় অৱহেলিত?

 

আজি ৬১ সংখ্যক শিক্ষক দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক, পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। সমগ্ৰ দেশজুৰি উলহ-মালহেৰে পালন শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে ৰাজ্যৰ ২২গৰাকী শিক্ষকক আজি প্ৰদান কৰা হ’ব কৃতী শিক্ষকৰ ৰাজ্যিক বঁটা।

 

কিন্তু, শিক্ষক দিৱসৰ দিনাই ৰাজ্যত দেখা গ’ল একাংশ শিক্ষকৰ দুৰৱস্থা। উচুপি উঠিল বহু কেইজন অৱহেলিত শিক্ষকে। তেজপুৰৰ বিষ্ণুজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মমতা মহন্তই বিগত ২৭ বছৰ আৰু বিপুল নিবাহ বৰাই বিগত ১৮ বছৰত মাত্ৰ ৬০০ টকাত পাঠদান কৰি আহিছে।

 

আনহাতে, কলিয়াবৰৰ বামুনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ছাৰচিং তেৰাঙে সুদীৰ্ঘ ২০ বছৰ ধৰি বিনা বেতনে ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছিল। শিক্ষক ছাৰচিং তেৰাংৰ এটাই আশা আছিল বিদ্যালয়খন এদিন প্ৰাদেশীকিকৰণ। হ’ব, তেওঁলোকে বেতন পাব। কিন্তু বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছতো আজি পৰ্যন্ত প্ৰাদেশীকিকৰণ ন’হল বিদ্যালয়খন। অৱশেষত বিনাবেতনে তেখেতে শিক্ষকতা এৰিলে। সম্প্ৰতি শিক্ষক ছাৰচিং তেৰাঙে বামুণি তিনিআলিত এখন হোটেল দি জীৱন সংগ্ৰামৰ বাট মোকলাইছে।

শিক্ষক দিৱসৰ দিনাই উচুপি উঠিল ২৮ বছৰে বিনাবেতনে শিক্ষকতা কৰা বাক্সাৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন্দ্ৰ নাথ দাসে। চৰকাৰৰ শিক্ষানীতিকো সমালোচনা কৰে শিক্ষকজনে।

 

আনহাতে শিক্ষক দিৱসৰ পুৱাই ধেমাজিৰ গোগামুখত সংঘটিত হয় এক শোকাৱহ ঘটনা। বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ ৫০৩নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াই আত্মহত্যা কৰে। দীৰ্ঘদিন বিনা বেতনেৰে শিক্ষাদান কৰা শিক্ষকগৰাকীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ গোগামুখ অঞ্চলত সৃষ্টিছে চাঞ্চল্যৰ। উল্লেখ্য যে, ১৯৪৬ চনতে স্থাপন হোৱা বিদ্যালয়খন আজিপৰ্যন্ত প্ৰাদেশিককীকৰণ নহ’ল। বিদ্যালয়খন প্ৰাদেশিককীকৰণ নোহোৱাৰ বাবেই ৰাজেন বনিয়াই এনে চৰম সিদ্ধান্ত বাছি লয় বুলি দাবী কৰে পৰিয়ালৰ লোকে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × three =

Back to top button