অসমভাৰত

আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ অযুত শুভকামনা।

সমগ্ৰ দেশজুৰি পালন প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱস

আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ অযুত শুভকামনা।

আজি শিক্ষক দিৱস। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক, পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱস। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা প্ৰথম উপ-ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে প্ৰতিবছৰৰ ৫ ছেপ্তেম্বৰৰ দিনটি শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

 

 

এখন সুস্থ সমাজ গঢ়াত শিক্ষকসকলৰ যি অৱদান তাৰ প্ৰতি সন্মান জনাই পালন কৰা হয় শিক্ষক দিৱস। শিক্ষাৰ ক্ষেত্ৰত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ যি অৱদান, দৃষ্টিভংগী তাৰ প্ৰতি সন্মান জনাই ১৯৬২ চনৰ পৰা ড° ৰাধাকৃষ্ণণৰ জন্মদিনটি সমগ্ৰ দেশে শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে।

 

এটি শিশুক শিক্ষা-দীক্ষাৰে সু-নাগৰিক হিচাপে গঢ়ি তোলাত শিক্ষকসকলৰ অৱদান অতুলনীয়। দেশৰ প্ৰতিখন শিক্ষানুষ্ঠানতে অতি উলহ-মালহেৰে পালন কৰা হয় শিক্ষক দিৱস। এইবাৰো সমগ্ৰ দেশৰ লগতে অসমতো উলহ-মালহেৰে আয়োজন কৰা হৈছে শিক্ষক দিৱসৰ।

 

 

শিক্ষক দিৱস উপলক্ষে অসমৰ ২২ জন শিক্ষকক আজি গুৱাহাটীস্থিত কলাক্ষেত্ৰত আগবঢ়োৱা হ’ব ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা। আনহাতে দেশৰ নৱ নিযুক্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ ৪৬ গৰাকী প্ৰদান কৰিব ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.