Educationঅসম

কোনে কোনে পালে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা!

শিক্ষক দিৱসৰ প্ৰাকক্ষণত তালিকা প্ৰকাশ শিক্ষা বিভাগৰ

শিক্ষক দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২২গৰাকী শিক্ষকলৈ কৃৰ্তী শিক্ষকৰ বঁটা চৰকাৰৰ। শিক্ষক দিৱস উপলক্ষে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে এই বঁটা। চৰকাৰে মাধ্যমিক, নিম্ন মাধ্যমিক আৰু উচ্চ মাধ্যমিক এই তিনি খণ্ডৰ মুঠ ২২গৰাকী শিক্ষকলৈ আগবঢ়াই কৃৰ্তী শিক্ষকৰ বঁটা।

 

 

ৰাজ্যৰ শিক্ষা বিভাগে প্ৰকাশ কৰা তালিকা অনুসৰি মাধ্যমিক খণ্ডৰ ১৩ জন শিক্ষক, নিম্ন মাধ্যমিক খণ্ডৰ ৭জন শিক্ষক আৰু উচ্চ মাধ্যমিক খণ্ডৰ ২ জন শিক্ষকে লাভ কৰে এই বঁটা।

 

তালিকাত স্থান লাভ কৰা মাধ্যমিক খণ্ডৰ শিক্ষক সকল হৈছে শিৱসাগৰৰ অমৰজ্যোতি বৰঠাকুৰ, মনমোহন দেৱনাথ, লখিমপুৰৰ অনিৰুদ্ধ ফুকন, ধেমাজিৰ বন্দনা হাজৰিকা, কাছাৰৰ নিৰুপম নাথ, গোৱালপাৰাৰ চজিমুদ্দিন আহমেদ, ছিপাঝাৰৰ অৰুণ চন্দ্ৰ নাথ, বিশ্বনাথৰ জগদীশ চন্দ্ৰ শৰ্মা, গোলাঘাটৰ চিদানন্দ পাঠক, ধেমাজিৰ সুনীল কোচ, ডিব্ৰুগড়ৰ উদয় শংকৰ গগৈ, বঙাইগাঁৱৰ মীনা কুমাৰী মণ্ডল আৰু নলবাৰীৰ নৃপেন দত্ত।

 

উচ্চ মাধ্যমিক শিক্ষাখণ্ডৰ বঁটা লাভ কৰা শিক্ষক দুগৰাকী হৈছে শোণিতপুৰৰ দশ মুকুট কেওঁট, বঙাইগাঁৱৰ মহম্মদ ইয়াচীন আনচাৰী।

 

আনহাতে, নিম্ন মাধ্যমিক শিক্ষাখণ্ডৰ বঁটা লাভ কৰা সাত গৰাকী শিক্ষক হৈছে ক্ৰমে বিশ্বনাথৰ ৰিচ ইংতি, কামৰূপৰ সৰস্বতী দত্ত আৰু মৃগেন্দ্ৰ কলিতা, লখিমপুৰৰ অঞ্জনা কোচ, ডিব্ৰুগড়ৰ দিপালী ডেকা, চৰাইদেউৰ জিতিন দাস আৰু দৰঙৰ কুসুম হাজৰিকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.