অভিনয়অসমআঞ্চলিক

বিশিষ্ট অভিনেতা দীনেশ দাসলৈ ২০২২ বৰ্ষৰ ভবেন বৰুৱা বঁটা

বঁটা প্ৰদান অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ

অসমৰ বিশিষ্ট অভিনেতা, প্ৰযোজক তথা পৰিচালক দীনেশ দাসক প্ৰদান কৰা হয় ২০২২ বৰ্ষৰ ভবেন বৰুৱা বঁটা। অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে বিশিষ্ট অভিনেতাগৰাকীক শনিবাৰে সন্ধিয়া নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰে।

 

উক্ত বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা, গামোচা, জাপি, শৰাই, চেলেং, মানপত্ৰ আৰু এটি স্মাৰক।

 

উল্লেখ্য যে, বিশিষ্ট নাট্যকাৰ, পৰিচালক, প্ৰযোজক নলবাৰীৰ সু-সন্তান প্ৰয়াত ভবেন বৰুৱাৰ সোঁৱৰণত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰা সদৌ অসম ভবেন বৰুৱা সোঁৱৰণী শিশুনাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ভবেন বৰুৱা বঁটা প্ৰদান অনুষ্ঠান।

 

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 13 =

Back to top button