অভিনয়বলিউড

‘ভেড়িয়া’ৰ হিট! বহুজনে ক’লে মাষ্টৰপীচ

বলিউড বয়কটৰ মাজতে ‘ভেড়িয়া’ই অৰ্জন কৰিলে হিট, বৰুণ ধবনৰ কেৰিয়াৰৰ বেষ্ট প্ৰদৰ্শন!

বলিউড বয়কটৰ মাজতে ‘ভেড়িয়া’ই অৰ্জন কৰিলে হিট, বৰুণ ধবনৰ কেৰিয়াৰৰ বেষ্ট প্ৰদৰ্শন! বহুজনে ক’লে মাষ্টৰপীচ
বলিউড জগতত খলকনি এইবাৰ ‘ভেড়িয়া’। সামাজিক মাধ্যমত বলিউড বয়কট ট্ৰেণ্ড চলি থকাৰ মাজতে ‘ভেড়িয়া’ই অৰ্জন কৰিলে খ্যাতি। বক্স অফিচত হিট ‘ভেড়িয়া’। ‘ভেড়িয়া’ৰ VFX আৰু কনচেপ্টে আপ্লুত কৰিছে দৰ্শকক।

Bhediya: Official Trailer 4K | Varun Dhawan | Kriti Sanon | Dinesh Vijan | Amar Kaushik | 25th Nov - YouTube

শেহতীয়াভাৱে ছবিগৃহত মুক্তি পালে বৰুণ ধবন আৰু কৃতি চেনন অভিনীত ছবি ‘ভেড়িয়া’। দৰ্শকৰ পৰা লাভ কৰিলে বহু সমাদৰ তথা সহাঁৰি। পুনৰ বৰুণ ধবনে ‘ভেড়িয়া’ত দেখুৱালে উৎকৃষ্ট প্ৰদৰ্শন। অনুৰাগীসকলে ছবি চাই ক’লে ‘মাষ্টাৰপীচ’। ছবি চাই আপ্লুত হৈ বহুজনে কৰিলে টুইট। টুইটযোগে বিভিন্নজনে দিলে ভিন্ন মন্তব্য। কোনোৱে ক’লে ‘ভেড়িয়া মেগা এন্টেইটেইনাৰ’। আন কোনোৱে ক’লে ‘ভেড়িয়া ফানী, আশ্চৰ্যজনক’। ছবিৰ লগতে বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধবনকো দৰ্শকে কৰিলে প্ৰশংসা।

Kriti Sanon & Varun Dhawan 'wolfing around' ahead of 'Bhediya'; fans drop hearts | Bollywood News

ভেড়িয়াক মাষ্টৰপীচ বুলি কৈ ২০২২ চনৰ শ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰাৰ লগতে এই ছবিখনত বৰুণ ধবনে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰিব লাগে বুলি প্ৰশংসা কৰি কয় সামাজিক মাধ্যমযোগে। লগতে ক’লে ‘বৰুণ ধবনৰ ভেড়িয়া হিট’। তদুপৰি ছবিখনে পালে পজিটিভ ৰিভিউ। মুঠতে বস্ক অফিচত হিট এইবাৰ ভেড়িয়া। ৭ দিনত ছবিখনে উপাৰ্জন কৰিলে ১০০ কোটিৰো অধিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 2 =

Back to top button