অপৰাধঅসমদুৰ্ঘটনা

বিদায় যোছেফ, এই পৃথিৱী তোমাৰ নাছিল!

হাস্পতালৰ বিচনাতে জীৱনৰ সৈতে যুঁজ দিয়া যোছেফৰ আশা আছিল ভৰি দুখন নাথাকিলেও এদিন সুস্থ হৈ উঠাৰ। কাষলতিৰ তলত পেং লৈ অথবা দুখন কৃত্ৰিম ভৰি লগাই ঘৰলৈ উভতি যোৱাৰ সপোন যোছেফেও দেখিছিল।

এই পৃথিৱী বৰ নিষ্ঠুৰ। তাতোকৈ নিষ্ঠুৰ নিয়তি। সকলোবোৰ নিয়তিৰেই খেলা। অৱশেষত কঠোৰ নিয়তিৰ ওচৰত হাৰ মানি জীৱনৰ পৰা মেলানি মাগিলে যোছেফ মাৰাকে।

যোছেফ মাৰাক আমাৰ বাবে কোনো অচিনাকী নাম নহয়। সুৰাৰ ৰাগিত মাতাল যুৱতী তথাকথিত মডেল ৰাজকন্যা বৰুৱাৰ বাহনৰ তীব্ৰ খুন্দাত চিৰদিনৰ বাবে ঘুণীয়া হৈছিল তেওঁ। মাজনিশাৰ ৰাজপথত পৰি ৰৈছিল তেজে তুমৰলি যোছেফৰ দেহ।দেহৰ পৰা ছিগি গৈছিল এখন ভৰি। হাস্পতালত গুৰতৰ আঘাত লৈ ভৰ্তি হোৱা যোছেফৰ আনখন ভৰিও কাটিবলগীয়া হৈছিল।

হাস্পতালৰ বিচনাতে জীৱনৰ সৈতে যুঁজ দিয়া যোছেফৰ আশা আছিল ভৰি দুখন নাথাকিলেও এদিন সুস্থ হৈ উঠাৰ। কাষলতিৰ তলত পেং লৈ অথবা দুখন কৃত্ৰিম ভৰি লগাই ঘৰলৈ উভতি যোৱাৰ সপোন যোছেফেও দেখিছিল।
কিন্তু সকলো আশা যেন নিমিষতে চুৰমাৰ হ’ল। সকলোৰে আশাত চেঁচা পানী ঢালি অৱশেষত আহিল দুঃখবৰটো। হাস্পতালৰ বিচনাত ছটফটাই মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।

মদমত্ত ৰাজকন্যা বৰুৱাৰ এটা সৰু ভুলৰ বাবেই চিৰদিনৰ বাবে পৃথিৱী এৰি গুচি গ’ল তেওঁ। কষ্টৰে দুপইচা অৰ্জন কৰি জীয়াই থকাৰ সপোন দেখিলেও যোছেফৰ সপোন চুৰমাৰ কৰা বিতৰ্কিত মডেল ৰাজকন্যাই পাওঁক উচিত শাস্তি। আইনী সুৰুঙাৰে সৰকি নাযাওঁক ৰাজকন্যা। আমিও বিচাৰো ন্যায় পাওঁক যোছেফ মাৰাকে। আৰক্ষী, প্ৰশাসনে উচিত শাস্তি প্ৰদান কৰক দোষীক। এই পৃথিৱী সঁচায়ে তোমাৰ নাছিল যোছেফ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − eight =

Back to top button