অসম

হে স্বহীদ প্ৰণামো তোমাক, আজি ১০ ডিচেম্বৰ

প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোতেই শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হ'য়।

আজি শ্বহীদ দিৱস। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু তিথি। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক। গুৱাহাটীৰ বিভিন্ন ঠাইতো সোঁৱৰণ কৰা হৈছে অসম আন্দোলনৰ ৮৫৫ শ্বহীদক। পশ্চিম বৰাগাঁৱত শ্বহীদ দিৱসৰ অনুষ্ঠান। ৰাজ্যজুৰি শ্বহীদক স্মৰণ অসম গণ পৰিষদৰো।

উল্লেখ্য যে প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোতেই শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হ’য়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৰাজ্যখনত চলিছিল বিদেশী খেদা আন্দোলন। শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজখন উৱুৰি খাই পৰিছিল অসম আন্দোলনত। ৮৫৫জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা স্বাক্ষৰিত হৈছিল অসম চুক্তি। ভৱানীপুৰৰ তেজাল যুৱক খৰ্গেশ্বৰ তালুকদাৰ আছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ। দুবাৰকৈ শাসনৰ মছনদ দখল কৰিলেও সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলা আন্দোলন আৰু চুক্তি এতিয়াও ফুটুকাৰ ফেণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.