অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

শিশু বলাৎকাৰীক মৃত্যুদণ্ড, ৫ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা…

শিশু বলাৎকাৰীক মৃত্যুদণ্ড

৫ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

৪ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ

মৃত্যুদণ্ড দোষী সাব্যস্ত মহম্মদ আছফাক আলমক

এৰনাকুলামৰ POCSO আদালতৰ মৃত্যুদণ্ড ৰায়

৪ নৱেম্বৰত আদালতত দোষী সাব্যস্ত হৈছিল আলম

১৬টা অভিযোগৰ আটাইকেইটাতে দোষী সাব্যস্ত

১৬টাৰ ৪টাৰে সৰ্বোচ্চ শাস্তি মৃত্যুদণ্ড

উল্লেখনীয় যে যোৱা ২৮ জুলাইত কেৰালাৰ আলুভাত শ্ৰমিক হিচাপে কৰ্মৰত বিহাৰৰ মহম্মদ আছফাক আলমে চুবুৰীয়াৰ এটি ৫ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰে। শিশুটিক নিচাজাতীয় দ্ৰব্য খুওৱাই অচেতন কৰি জঘন্য কাৰ্য সংঘটিত কৰে আলমে। নিৰ্যাতন সহিব নোবাৰি মৃত্যুমুখত পৰে দুৰ্ভগীয়া শিশুটি। এই ঘটনাৰ পূৰ্বেও অন্য এটা POSCO গোচৰটো অভিযুক্ত হৈ আছে আলম। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলমৰ বিৰুদ্ধে পানী নসৰকা অভিযোগ নামা দাখিল কৰি আদালতত আলমৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ কৰিবলৈ সক্ষম হয় আৰক্ষী তথা চৰকাৰী পক্ষ। ৪ নৱেম্বৰত  POSCO ন্যায়াধীশ কে ছোমানৰ আদালতে আলমক দোষী সাব্যস্ত কৰি মঙলবাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − eleven =

Back to top button