অপৰাধপ্ৰযুক্তিভাৰত

ATMত বিস্ফোৰণ ঘটাই লাখ টকা লৈ উধাও স্মাৰ্ট চোৰ

পুনেৰ চাকানত এটা ATMত বিস্ফোৰক সঁজুলিৰে বিস্ফোৰণ ঘটাই ২৮ লাখ টকা লগত লৈ উধাও হ'ল চোৰ

বিভিন্ন কৌশল অৱলম্বন কৰি চোৰে ATMৰ পৰা টকা চুৰ কৰাৰ ভিডিঅ’ আমি বিভিন্ন CCTV ফুটেজত দেখিছো। টকাৰ বাবে চোৰে অৱলম্বন কৰা কৌশলো কেতিয়াবা হাঁহি উঠা। পিছে এইবাৰ ওলাইছে স্মাৰ্ট চোৰ। ATMত বিস্ফোৰণ ঘটাই চোৰে লৈ গ’ল লাখ টকাৰ বাণ্ডিল।

এই ঘটনা সংঘটিত হৈছে পুনেত। পুনেৰ চাকানত এটা ATMত বিস্ফোৰক সঁজুলিৰে বিস্ফোৰণ ঘটাই ২৮ লাখ টকা লগত লৈ উধাও হ’ল চোৰ। বুধবাৰে পুৱতি নিশা ২.৩০ বজাত পুনে চহৰৰ পৰা ২৫ কি.মি. দূৰত্বত এই ঘটনা সংঘটিত হয়।

আৰক্ষীৰ মন্তব্য অনুসৰি CCTV কেমেৰাৰ ফুটেজ অনুসৰি চুৰ কৰিবলৈ আহিছিল দুজন লোক। এটা IEDৰ জৰিয়তে বিস্ফোৰণ ঘটাইছিল দুয়োজন লোকে। বিস্ফোৰণৰ ফলত ATMটো দুফাল হৈ পৰাত চাৰিওফালে চিটিকি পৰে টকাৰ বাণ্ডিল। অৱশ্যে চোৰে কেইটকামান টকা ৰাখি থৈ যোৱাৰ কথাও উল্লেখ কৰে আৰক্ষী উপায়ুক্ত মানচাক ইপ্পাৰে।

বেংক কৰ্তৃপক্ষৰ মন্তব্য অনুসৰি ATMটোত মজুত আছিল মুঠ ৪০ লাখ টকা। অৱশ্যে চোৰে ২৮-৩০ লাখ টকাহে লৈ যাবলৈ সক্ষম হয় বুলি উল্লেখ কৰে বেংক কৰ্মচাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − thirteen =

Back to top button