Assamhoroscopeঅসম

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ

আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো আপোনাৰ বাবে অগ্ৰগতিৰে ভৰা হ’ব। কৰ্মক্ষেত্ৰত কিছুমান নতুন প্ৰকল্পত অৰ্থ বিনিয়োগ কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী হ’ব। কিন্তু কৰ্মক্ষেত্ৰত কাংক্ষিত সুবিধা নোপোৱাৰ বাবে আপুনি বিব্ৰত হ’ব।

বৃষ ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক হ’ব। কাৰোবাৰ সৈতে অংশীদাৰিত্বত কাম কৰাৰ পৰা বিৰত থাকিব লাগিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ কৰ্মক্ষেত্ৰত কাংক্ষিত মুনাফা নাপাব। বিদেশৰ পৰা শিক্ষাৰ্থীসকলে কোনো সুযোগ পাব পাৰে, যিয়ে তেওঁলোকৰ সপোন পূৰণ কৰিব।

মিথুন ৰাশি : শ্ৰীগণেশে কৈছে, স্বাস্থ্যৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে কিছু উত্থান-পতন থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাত আগ্ৰহ নাথাকিব, যাৰ বাবে তেওঁলোক চিন্তিত হ’ব। চাকৰিজীৱী লোকসকলে কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। আপুনি যদি ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰে, তেন্তে প্ৰয়োজনত সেয়া ব্যয় কৰিব পাৰিব।

কৰ্কট ৰাশি : শ্ৰীগণেশে কৈছে, সামাজিক ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে এই দিনটো সফল হ’ব আৰু আপোনাৰ খ্যাতি সৰ্বত্ৰে বিয়পি পৰিব। নিজৰ কোনো বন্ধুৰ সৈতে একান্ত মুহূৰ্ত পাৰ কৰিব। মনত ৰাখিব লাগিব যে, পুৰণি বিষয়বোৰ উত্থাপন কৰাৰ পৰা বিৰত থাকিব লাগিব।

সিংহ ৰাশি : শ্ৰীগণেশে কৈছে, আৰ্থিক দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে শক্তিশালী হ’ব। সমগ্ৰ দিনটো আপোনাৰ বাবে উদ্যমেৰে ভৰা হ’ব আৰু সকলো কাম যথা সময়ত সম্পন্ন কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় পাৰ হ’ব। পৰিয়ালৰ কোনো সদস্যৰ বিয়া সংক্ৰান্তীয় আলোচনা হ’ব পাৰে।

কন্যা ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ’ব। ব্যৱসায়ীসকলে ভাল ফল পাব। যদি তেওঁলোকে কোনো সম্পত্তি কিনিব বা বিক্ৰী কৰিব বিচাৰে তেন্তে সেই সম্পত্তিৰ স্থাৱৰ-অস্থাৱৰ দিশবোৰ স্বাধীনভাৱে পৰীক্ষা কৰিব লাগিব। আপোনাৰ কৰ্মক্ষেত্ৰত ডাঙৰ কোনো পৰিৱৰ্তন হ’ব পাৰে। নিজৰ পৰিয়ালৰ ফালৰ পৰা চিন্তামুক্তি থাকিব।

তুলা ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো আপোনাৰ উচ্চাকাংক্ষা পূৰণৰ দিন হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ পদ আৰু সুনাম বৃদ্ধি পাব। যদি নিজৰ বন্ধুৰ সৈতে আড্ডা দিয়াৰ পৰিকল্পনা কৰে, তেন্তে পিতৃ-মাতৃৰ সৈতে পৰামৰ্শ কৰা ভাল। আৰু যদি ব্যৱসায় সম্পৰ্কত কাৰোবাৰ পৰামৰ্শ লোৱা প্ৰয়োজন হয়, তেন্তে সেয়া কৰিব লাগিব।

বৃশ্চিক ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো আপোনাৰ বাবে ব্যয়েৰে পৰিপূৰ্ণ হ’ব। কিন্তু ব্যয়ৰ লগতে আপুনি ধন সঞ্চয়ো কৰিব লাগিব। টকা সঞ্চয় কৰিব পাৰিলে ভৱিষ্যতে ইয়াৰ সুবিধা পাব। যিসকলে কোনো বীমা বা বিনিয়োগ সম্পৰ্কীয় আঁচনি লোৱাৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে দিনটো ভাল।

ধনু ৰাশি : শ্ৰীগণেশে কৈছে, ভাগ্যৰ দিশৰ পৰা এই দিনটো আপোনাৰ বাবে ভাল হ’ব। আদালত সংক্ৰান্তীয় বিষয়ত কিছু সকাহ পাব। কিন্তু সেইবোৰ অৱসান এতিয়াই নহ’ব। আপুনি সকলো ঠাইৰ পৰা ভাল খবৰ শুনিবলৈ পাব। যদি কোনো গুৰুত্বপূৰ্ণ লেনদেন কৰিবলগীয়া হয়, সেয়া কৰি পেলাওক।

মকৰ ৰাশি : শ্ৰীগণেশে কৈছে, পাৰিবাৰিক জীৱন-যাপন কৰা লোকসকলৰ বাবে দিনটো ভাল। আপুনি সন্তানৰ আচৰণ আৰু শিক্ষাৰ দিশত নজৰ দিব লাগিব। কৰ্মক্ষেত্ৰতো আপুনি নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিব পাৰিব। আপুনি সময়ে সময়ে সহকৰ্মীৰ পৰা সমৰ্থন পাই থাকিব। নিজৰ কৰ্মক্ষেত্ৰত আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটো আপোনাৰ বােব কৰ্মক্ষেত্ৰৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। কাৰণ এই দিনটোত নিজৰ ইচ্ছামতে সুবিধা পাব। চাকৰিৰ লগত জড়িত ব্যক্তিসকলে পদোন্নতি বা বেতন বৃদ্ধিৰ দৰে খবৰ পাব পাৰে। বহিৰাগতসকলৰ সৈতে মিলাপ্ৰীতিৰ পৰা বিৰত থাকিব লাগিব।

মীন ৰাশি : শ্ৰীগণেশে কৈছে, এই দিনটোত আপুনি যুঁজিবলগীয়া হ’ব পাৰে। অৰ্থ সংক্ৰান্তীয় বিষয়ত সতৰ্ক হৈ থাকিব লাগিব। নিজৰ কোনো পুৰণি বন্ধুৰ সৈতে দেখা হ’ব। যাৰ লগত শৈশৱৰ স্মৃতি শ্বেয়াৰ কৰিব পাৰিব আৰু আপোনাৰ মনো আনন্দিত হ’ব। চাকৰিজীৱীসকলৰ মনত যদি কোনো সমস্যা চলি আছে, তাক লৈ আলোচনা কৰাৰ পৰা বিৰত থাকিব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.