অসমখেলজীৱনশৈলী

লাভলীনাক বিলাসী বাহন উপহাৰ ৰেণো ইণ্ডিয়াৰ

পিতৃ মাতৃক লৈ এই বাহন খনত ফুৰিব যাব লাভলীনাই

ব্ৰঞ্জ কন্যা লাভলীনা বৰগোঁহাইলৈ ৰেণো ইণ্ডিয়াৰ বিশেষ উপহাৰ।

অলিম্পিকত ব্ৰঞ্জ বিজয়ী অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাইক ৰেণো  ইণ্ডিয়াই এখন ৰেণো কাইগাৰ বাহন (renault kiger compact suv) গাড়ী উপহাৰ হিচাপে দিয়ে। মহানগৰীৰ ছয়মাইলস্থিত ৰেণোৰ ইন্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত কৰা এক অনুষ্ঠানত লাভলীনাক আজি এই কিগাৰ বাহনখন প্ৰদান কৰা হয়।

উপহাৰ লাভ কৰি উৎফুল্লিত লাভলীনা। পিতৃ মাতৃক লৈ এই বাহন খনত ফুৰিব যাব লাভলীনাই।

সম্পূৰ্ণ স্পৰ্টি নতুন ৰেণো কাইগাৰ বাহনখনৰ চাবি লাভলীনা বৰগোহাঁইৰ হাতত অৰ্পণ কৰে ৰেণো ইণ্ডিয়াৰ বিক্ৰী আৰু বিপনন বিভাগৰ ভাইচ প্ৰেচিডেন্ট সুধীৰ মালহোত্ৰাই।

উল্লেখ্য যে, বৃহস্পতিবাৰে অলিম্পিক মেডেল লাভ কৰা মণিপুৰৰ মীৰাবাঈ চানুকো ৰেণো ইণ্ডিয়াই renault kiger compact suv গাড়ী উপহাৰ ৰূপে দিছিল।

এনেধৰণৰ উপহাৰেৰে নতুন প্ৰজন্মৰ খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ৰেণো ইণ্ডিয়াই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − two =

Back to top button