অসমধৰ্মীয়ধাৰ্মিক

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা, শিক্ষাৰ্থীৰ মাজত ব্যাপক উছাহ…

অসমতো সৰস্বতী পূজা উপলক্ষে চলিছে ব্যাপক যো-জা। যদিও বৰষুণ আৰু ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে ম্লান পৰিছে পূৰ্বৰ উছাহ, তথাপি যেন আই সৰস্বতীক দৰ্শন কৰি একাঁজলি আশীৰ্বাদ ল'বলৈ সাজু হৈছে সকলো।

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হ’ব চৌপাশ। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা।

হিন্দুধৰ্মী লোকসকলৰ বিশ্বাস অনুসৰি, দেৱ-দেৱীৰ পূজা অৰ্চনা কৰিলে দেৱ-দেৱী প্ৰসন্ন হৈ ভক্তক আশীৰ্বাদ কৰে। সেয়েহে সৰস্বতী দেৱীৰ পূজা-অৰ্চনা কৰি সকলোৱে মনৰ বাঞ্ছা পূৰণৰ বাবে দেৱীৰ সন্মুখত প্ৰাৰ্থনা জনায়। বৌদ্ধ আৰু মধ্য ভাৰতত জৈন সকলেও এই পূজা পালন কৰে। আনকি, ভাৰতৰ বাহিৰেও জাপান, ভিয়েটনাম আৰু ম্যানমাৰতো সৰস্বতী পূজা পালন কৰা হয়।

ভাৰতত হিন্দু ধৰ্মাৱলম্বী লোকসকলে বসন্ত পঞ্চমীৰ দিনা পালন কৰে এই পূজা। বিশেষকৈ শিক্ষানুষ্ঠানসমূহত পালন কৰা হয় সৰস্বতী পূজা। আজিৰ দিনটোত শিক্ষা্ৰ্থীসকলে জ্ঞান দেৱী, বীণাপানীক পূজা-অৰ্চনা কৰে। দেৱীক পূজা নকৰালৈকে শিক্ষাৰ্থীসকলে উপবাসে থাকে। দেৱীক পূজা-অৰ্চনা কৰিহে মাহ-প্ৰসাদ গ্ৰহণ কৰে সকলোৱে। সকলোৰে বিশ্বাস-দেৱী সন্তুষ্ট হৈ শিক্ষাৰ্থীসকলক আশীৰ্বাদ দিলে পঢ়া-শুনাতো ভাল ফলাফল দেখুৱাব পাৰে শিক্ষাৰ্থীসকলে।

বিদ্যা-শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা শিক্ষানুষ্ঠান সমূহত এই পূজা অতি উলহ মালহেৰে পালন কৰা হয় । পূজাৰ দিনা ছাত্ৰ-ছাত্ৰী সকলে দেৱীৰ সন্মুখত প্ৰাৰ্থনা কৰি সৰস্বতী আইৰ পৰা আৰ্শীবাদ লয়। শিক্ষানুষ্ঠানসমূহত বিভিন্ন নাম-প্ৰসংগ অথবা ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণ কৰি শেষত সকলোয়ে পুনৰ দেৱীৰ শ্ৰীচৰণ স্পৰ্শ কৰি আশীৰ্বাদ লয় আৰু বিভিন্ন খাদ্য সম্ভাৰ গ্ৰহণ কৰে। কিছু কিছু ঠাইত দেৱীৰ প্ৰতিমা পূজাৰ পাছদিনা নদীত বিসৰ্জন দিয়ে যদিও কিছু কিছু ঠাইত দেৱীৰ প্ৰতিমা শিক্ষানুষ্ঠানৰ প্ৰাৰ্থনা গৃহত অধিষ্ঠিত কৰা দেখা যায়।

অসমতো সৰস্বতী পূজা উপলক্ষে চলিছে ব্যাপক যো-জা। যদিও বৰষুণ আৰু ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ম্লান পৰিছে পূৰ্বৰ উছাহ, তথাপি যেন আই সৰস্বতীক দৰ্শন কৰি একাঁজলি আশীৰ্বাদ ল’বলৈ সাজু হৈছে সকলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.