অসম

ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল হেঁপাহৰ ঘৰখন, সকলো হেৰুৱাই অসহায় এটি পৰিয়াল…

দৰিদ্ৰ পৰিয়ালটিক তাৎক্ষণিকভাৱে থাকিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্থায়ী ব্যৱস্থাৰ কৰাৰ বাবেও প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ।

আমগুৰিৰ লক্ষীমপুৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত সকলো হেৰুৱালে আমগুৰিৰ এটা পৰিয়ালে।

শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত দেওপানী লক্ষীমপুৰ গাঁৱৰ মহেশ চেত্ৰী নামৰ লোকজনৰ বাসগৃহত হঠাৎ সূত্ৰপাত হয় অগ্নিৰ। অগ্নিকাণ্ডত জাহ গ’ল বাসগৃহৰ সকলো সামগ্ৰী। জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল পৰিয়ালৰ কোনো সদস্য। পৰিয়ালৰ কোনো লোক ঘৰত নাথাকোতেই অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। অতি দৰিদ্র পৰিয়ালটোৰ আপোন ঘৰখন নোহোৱা হোৱাত চকুপানীৰে বাট নেদেখা হৈছে পৰিয়ালটোৱে। অৱশ্যে, এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ।

দৰিদ্ৰ পৰিয়ালটিক তাৎক্ষণিকভাৱে থাকিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্থায়ী ব্যৱস্থাৰ কৰাৰ বাবেও প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.