ধৰ্মীয়

বসন্ত পঞ্চমীৰ দিনা কৰিবলৈ নাপাহৰিব এই পাঁচটা গুৰুত্বপূৰ্ণ কাম, শিক্ষাৰ্থীয়ে সদায় পাব মা সৰস্বতীৰ আশীৰ্বাদ…

সূৰ্যোদয়ৰ পৰা দুপৰীয়া ভাগলৈকে যি সময়, সেয়া হৈছে পূজাৰ বাবে অতি শুভ ক্ষণ। জ্যোতিষ শাস্ত্ৰৰ মতে আজি হৈছে সিদ্ধ-সাধ্য যোগ, বুধাদিত্যা যোগ আৰু কেদাৰ যোগৰ বিশেষ সংযোগ। বুধাদিত্যা যোগ শিক্ষাৰ্থীৰ বাবে যথেষ্ট শুভ।

আজি বসন্ত পঞ্চমী। দেশজুৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে বসন্ত পঞ্চমী। বিদ্যা আৰু জ্ঞানৰ দেৱী সৰস্বতীক পূজা-অৰ্চনা কৰাৰ বাবে আজি হৈছে শুভ দিন। সূৰ্যোদয়ৰ পৰা দুপৰীয়া ভাগলৈকে যি সময়, সেয়া হৈছে পূজাৰ বাবে অতি শুভ ক্ষণ। জ্যোতিষ শাস্ত্ৰৰ মতে আজি হৈছে সিদ্ধ-সাধ্য যোগ, বুধাদিত্যা যোগ আৰু কেদাৰ যোগৰ বিশেষ সংযোগ। বুধাদিত্যা যোগ শিক্ষাৰ্থীৰ বাবে যথেষ্ট শুভ। এই শুভ ক্ষণত মা সৰস্বতীক কোনকেইটা সামগ্ৰী অৰ্পণ কৰিলে বিদ্যা আৰু বুদ্ধিৰ আশীৰ্বাদ পাব শিক্ষাৰ্থীয়ে? সেই পাঁচটা বিশেষ সামগ্ৰী হৈছে-

১)সৰস্বতী পূজা অথবা বসন্ত পঞ্চমীত হালধীয়া ৰঙৰ আছে বিশেষ মহত্ব। হালধীয়া ৰঙৰ পোছাক পৰিধান কৰি ছাত্ৰ-ছাত্ৰীসকলে আৰাধনা কৰিব লাগে মা সৰস্বতীক।

২)পুৱা গা-পাই ধুই সৰস্বতী দেৱীৰ মূৰ্তি স্থাপন কৰি হালধীয়া ৰঙৰ বস্ত্ৰ অৰ্পণ কৰিব লাগে। এনেকুৱা কৰিলে মা সৰস্বতীৰ আশীৰ্বাদ পাব।

৩)হালধীয়া আৰু বগা ৰঙৰ কাপোৰ সৰস্বতী দেৱীৰ যথেষ্ট প্ৰিয়। সেয়েহে পূজাৰ সময়ত এই দুই ৰঙৰ ফুল দিব লাগে।

৪)সৰস্বতী যিহেতু জ্ঞানৰ দেৱী, সেয়েহে মা সৰস্বতীক কলম আৰু কিতাপ দিয়াটো অত্যন্ত প্ৰয়োজনীয়।

৫)পূজাৰ সময়ত হালধীয়া ৰঙৰ খাদ্য, হালধীয়া চন্দনৰ ফোঁট দিবলৈ নিশ্চিতভাৱে নাপাহৰিব। এয়া দিলে মা সৰস্বতী প্ৰসন্ন হোৱাৰ লগতে, গুৰু গ্ৰহো যথেষ্ট মজবুত কৰি তুলিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.