AssamInternationalleatest update

সঁচাকৈয়ে আছে এলিয়েন! বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হ’ল এলিয়েনৰ মৃতদেহ।

মেক্সিকান সংসদত ‘এলিয়েনৰ মৃতদেহ’ উপস্থাপন

আপোনাৰ বা মোৰ মনলৈ প্ৰায়ে অহা এটা প্ৰশ্ন! বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে আছে নেকি এলিয়েন? প্ৰকৃততে কি হ’য় এলিয়েন? দেখিবলৈ বা কেনেকুৱা? এই প্ৰশ্নৰ উত্তৰৰ সন্ধানত আজিও অব্যাহত আছে বিজ্ঞানীৰ গৱেষণা। পিছে আজি আমি আপোনালোকক দিম সেই প্ৰশ্নৰ উত্তৰ।

বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে আছে এলিয়েনৰ অস্তিত্ব! শুনি আঁচৰিত নহ’ব। এই তথ্য আমাৰ নহয়। প্ৰথমবাৰৰ বাবে বিশ্বৰ সন্মুখত ‘এলিয়েনৰ মৃতদেহ’ দেখুৱাই এলিয়েনৰ অৱস্থিতিক পুনৰবাৰ দাবী কৰিলে মেক্সিকান বিজ্ঞানীয়ে। মঙলবাৰে মেক্সিকান সংসদত বিজ্ঞানীসকলে প্ৰদৰ্শন কৰে দুটাকৈ ‘এলিয়েনৰ মৃতদেহ’। এই দুয়োটা ‘এলিয়েনৰ মৃতদেহ’ ১০০০ বছৰতকৈও অধিক পুৰণি বুলি দাবী কৰিছে মেক্সিকোৱে।

মেক্সিকোৰ এই দাবীয়ে এতিয়া এলিয়েনৰ অৱস্থিতিৰ সন্দৰ্ভত বিশ্বত নতুন বিতৰ্ক সৃষ্টি কৰিছে। বিজ্ঞানীসকলে দাবী কৰিছে যে পেৰুৰ কুজকোৰ পৰা উদ্ধাৰ কৰা হৈছে এই দুটা ‘এলিয়েনৰ মৃতদেহ’। মেক্সিকান সংসদত ‘এলিয়েনৰ মৃতদেহ’ উপস্থাপনৰ এই ভিডিঅ’ ইতিমধ্যেই সমগ্ৰ বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.