অপৰাধঅসমঅসম আৰক্ষী

আৰক্ষীৰ পোছাক পিন্ধি ডকাইতি, গুৱাহাটীৰ উলুবাৰীত ডকাইতে চলালে লুটপাত…

দাবী ধমকি দি ওচৰৰে কেইবাটাও বাসগৃহত ত্ৰাসৰ সৃষ্টি কৰে ভুৱা আৰক্ষীৰ দলটোৱে। এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

মহানগৰীৰ মাজমজিয়াত পুনৰ সংঘটিত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। উলুবাৰীৰ হাফিজ নগৰৰ নিবাসী মতি কুমাৰীৰ ঘৰত ডকাইতে চলালে চাফাই অভিযান।

আৰক্ষীৰ পোছাক পিন্ধি নিজকে আৰক্ষী বুলি পৰিচয় দি ৬ জনীয়া দুৰ্বৃত্তৰ এটা দলে বলপূৰ্বকভাবে প্ৰৱেশ কৰি লুটপাত চলালে মতি কুমাৰীৰ বাসগৃহত। লগতে দাবী ধমকি দি ওচৰৰে কেইবাটাও বাসগৃহত ত্ৰাসৰ সৃষ্টি কৰে ভুৱা আৰক্ষীৰ দলটোৱে। এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

CCTVত বন্দী হৈছে ৬জনীয়া দলটোৰ ডকাইতিৰ দৃশ্য। ইতিমধ্যে, ভুক্তভোগী মহিলাগৰাকীয়ে ডকাইতিৰ অভিযোগ তুলি ডকাইতৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। অৱশ্যে, ভুৱা আৰক্ষী হৈ দুৰ্বৃত্তই মহানাগৰিকৰ বাসগৃহত ডকাইতি কাণ্ড সংঘটিত কৰা ঘটনাৰ তদন্ত আৰক্ষীয়ে কিদৰে কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.