অসমদুৰ্ঘটনাদৈনিক বাতৰি

ভয়ংকৰ! ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক, কৰুণ মৃত্যু দুইজনৰ..

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা।

বঙাইগাঁও দিশৰ পৰা বৰপেটাৰোডলৈ আহি থকা দুই বাইক আৰোহীক মহতিয়াই লৈ যায় ট্ৰাকে। ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লব লগা হয় দুই যুৱকে।

দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নম্বৰ AS19Q 5526 বুলি জানিব পৰা গৈছে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা মতে এখন তীব্ৰবেগী ট্ৰাকে সংঘটিত কৰে দুৰ্ঘটনাটো।

মৃত সঞ্জীৱ পালৰ ঘৰ খৈৰাবাৰী আৰু মৃত্যুঞ্জয় মিত্ৰৰ ঘৰ গোৰেশ্বৰত বুলি জানিব পৰা গৈছে। সৰভোগ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বিচাৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − three =

Back to top button