অসমজন্তুপৰ্যটনবন্যপ্ৰাণী

গঁড়ৰ খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ কৰা হ’ল তিনিটাকৈ গঁড়ৰ প্ৰতিকৃতি

কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা হৈছে গঁড়ৰ এই প্ৰতিকৃতিকেইটা

গঁড়ৰ খড়্গ পোৰা ছাইৰে কাজিৰঙাত নিৰ্মাণ কৰা হ’ল তিনিটাকৈ গঁড়ৰ প্ৰতিকৃতি। কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা হৈছে গঁড়ৰ এই প্ৰতিকৃতিকেইটা। প্ৰতিকৃতিকেইটাত আছে এটা গঁড়ৰ পোৱালি, এজনী মাতৃ গঁড় আৰু এটা অন্য গঁড়। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে গঁড়ৰ এই প্ৰতিকৃতিকেইটা।

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে, এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খড়্গৰ ছাইৰে নিৰ্মিত এই তিনিটা গঁড়ৰ প্ৰতিকৃতি৷ উল্লেখ্য যে, ২০২১ চনৰ ২২ ছেপ্টেম্বৰত ২৪৭৯টা গঁড়ৰ খড়্গ জ্বলাই দিছিল প্ৰশাসনে৷ সেই গঁড়ৰ খড়্গৰ ছাইৰে তিনিটা গঁড়ৰ প্ৰতিকৃৰ্তি নিৰ্মাণ কৰা হৈছে৷ আজি বিয়লি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা এই গঁড়ৰ প্ৰতিকৃতি।

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি, এইবাৰ ১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ অৱশ্যে বতৰে প্ৰতিকুল অৱস্থাৰ সৃষ্টি কৰিলে নিৰ্দিষ্ট দিনৰ কিছু সালসলনি হোৱাৰো সম্ভাৱনা আছে৷ ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি নহ’লেও আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা চৰকাৰৰ চিন্তন বৈঠকৰ সময়ত উপস্থিত হোৱা অতিথিসকলক ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ দৰ্শনৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 8 =

Back to top button