পৰ্যটনভাৰত

এতিয়াৰে পৰা নতুন নীতি-নিয়মৰ মাজেৰে ভূটানত প্ৰৱেশ কৰিব লাগিব ভাৰতীয়লোকে

ভূটানত এনিশা থাকিবলৈ আপুনি দিব লাগিব ১২০০ টকা

এতিয়াৰে পৰা নতুন নীতি-নিয়মৰ মাজেৰে ভূটানত প্ৰৱেশ কৰিব লাগিব ভাৰতীয়লোকে। ভূটানত এনিশা থাকিবলৈ আপুনি দিব লাগিব ১২০০ টকা

কোভিডৰ বাবে আঢ়ৈবছৰৰ অন্তত আনুষ্ঠানিক ভাৱে খুলিলে ভূটানৰ গেট। আজি চিৰাং জিলাৰ দাদগিৰী হাতিসাৰস্থিত ভূটানৰ গেলেফু গেট মুকলি ভাৰতীয়ৰ বাবে মুকলি কৰিলে ভূটান চৰকাৰে। উল্লেখ্য যে, কোভিডৰ বাবে বিগত আঢ়ৈ বছৰে বন্ধহৈ আছিল ভূটানৰ গেট। যাৰফলত দুয়োখন দেশৰ সীমান্তবাসীয়ে ব্যৱসায় বাণিজ্যকে আদি কৰি বিভিন্ন ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।

 

ভাৰত আৰু ভূটানৰ কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ত হোৱা আলোচনাৰ অন্তত আজি ভূটান চৰকাৰে মুকলি কৰিলে গেলেফু গেট। গেট মুকলিৰ পিচতে ভূটানৰ ভিতৰত দুয়ো দেশৰ প্ৰতিনিধিৰ মাজত অনুষ্টিত হয় সভা। তাৰপিচতে দলে দলে ভাৰতীয়লোকৰ আগমন ঘটে ভূটানলে। গেট খোলাকলৈ আনন্দিত দুয়ো দেশৰ সীমান্তবাসী। আঢ়ৈ বছৰৰ অন্তত ইজনে সিজনক লগ পাই আনন্দিত সীমান্তবাসী। ভূটানৰ গেলেফু চহৰত চিৰাঙৰ পৰা দলে দলে লোক গৈ ভৰি পৰা পৰিলক্ষিত হয়।

 

এতিয়াৰে পৰা নতুন নীতি-নিয়মৰ মাজেৰে ভূটানত প্ৰৱেশ কৰিব লাগিব ভাৰতীয়লোকে। প্ৰতিজন ভাৰতীয়ই ভূটানত প্ৰৱেশ কৰিবলৈ ভোটাৰ আই ডি নতুবা পাছপোৰ্ট দিব লাগিব। প্ৰতিদিনে পুৱা ৯বজাৰ পৰা বিয়লি পাঁচ বজালৈ যাতায়াতৰ সুবিধা প্ৰদান কৰিব ভূটানে। ভূটানত নিশা থাকিবলৈ হ’লে দিব লাগিব ১২০০টকা। কোভিডৰ পূৰ্বে তেনে কোনো বিশেষ নীতি-নিয়ম নাছিল যদিও এতিয়াৰে পৰা কাৰ্য্যকৰী হ’ব এই নিৰ্দেশনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − three =

Back to top button