leatest updatenationalpoliticalSocial

ৰাজ্যত চাৰিওদিশে বানৰ সংহাৰ। লক্ষীপুৰৰ বান শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ বুজ ল’লে ৰাহুল গান্ধীয়ে

জিৰিবামত গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা শৰণাৰ্থী সকলৰ অৱস্থাৰো বুজ ল’লে ৰাহুলে।

ৰাজ্যত চাৰিওদিশে বানৰ সংহাৰ। বৰ্তমানেও বানপানীৰ কবলত ৰাজ্যৰ বহু অঞ্চল।

শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ৰাহুল গান্ধী। বিমানবন্দৰত উষ্ম আদৰণি বিৰোধী দলপতিগৰাকীক। উপস্থিত ভূপেন বৰাসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। শিলচৰৰ পৰা পোনে পোনে লক্ষীপুৰৰ বান শিবিৰত উপস্থিত ৰাহুল গান্ধী। লক্ষীপুৰৰ বান শিবিৰত উপস্থিত হৈয়ে বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল’লে ৰাহুল গান্ধীয়ে।

বান শিবিৰৰ পৰা জিৰিবামৰ শৰণাৰ্থী শিবিৰত উপস্থিত হয় ৰাহুল। গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা শৰণাৰ্থী সকলৰ অৱস্থাৰো বুজ ল’লে ৰাহুলে। শৰণাৰ্থী শিবিৰৰ পৰা শিলচৰলৈ ৰাওনা ৰাহুল। শিলচৰৰ পৰা ইম্ফললৈ যাত্ৰা বিৰোধী দলপতি গৰাকীৰ। মণিপুৰবাসীৰ লগত বাৰ্তালাপ ৰাহুল গান্ধীৰ।

তাৰ পিছতে বিয়লি চুড়াচান্দপুৰত উপস্থিত হ’য় ৰাহুল গান্ধী। ইয়াৰ লগে লগে মৈৰাঙতো উপস্থিত হয় ৰাহুল। সন্ধিয়া ৬ বজাত ৰাজ্যপালক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে। বিমানবন্দৰতে ৰাহুল গান্ধীক অসম প্ৰদেশ কংগ্ৰেছে দিলে স্মাৰক-পত্ৰ। অসমৰ বান সমস্যাক সদনত উত্থাপনৰ আহ্বান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.