অসমঅসম আৰক্ষীউৎসৱ

আগন্তুক পূজাকলৈ কামৰূপ জিলা প্ৰশাসনৰ কেইবাটাও গুৰুত্বপুৰ্ণ নিৰ্দেশনা

দূৰ্গাপূজা আয়োজনৰ ক্ষেত্ৰত মানি চলিব লাগিব প্ৰশাসনৰ নিৰ্দেশাৱলী

আগন্তুক পূজাকলৈ কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে কেইবাটাও গুৰুত্বপুৰ্ণ নিৰ্দেশনা। আগন্তুক পূজা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেটবোৰ গুৰুত্বপুৰ্ণ নীতি নিৰ্দেশনা প্ৰকাশ কৰে DCP সুধাকৰ সিং, DCP হিৰণ্য কুমাৰ বৰ্মণ, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা, পৰিবহন বিষয়া গৌতম দাস, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ বিষয়াই। দূৰ্গাপূজা আয়োজনৰ সন্দৰ্ভতো জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক।

 

পূৰ্বৰ দৰে এইবাৰো পথৰ ওপৰত নিৰ্মাণ কৰিব নোৱাৰিব পেণ্ডেল। পূজা পাতিবলৈ PWDৰ পৰা ল’ব লাগিব NOC লগতে APDCLৰ পৰাও অনুমতি ল’ব লাগিব পূজা কমিটীয়ে। প্ৰতিখন পুজা মণ্ডপতে মজুত ৰাখিব লাগিব বালি আৰু পানী। মণ্ডপৰ সন্মুখত লগাব লাগিব জৰুৰীকালিন নম্বৰৰ ফলক। মণ্ডপত পূৰুষ মহিলাৰ বাবে পৃথক পৃথক প্ৰৱেশ পথৰ ব্যৱস্থা কৰিব লাগিব। তাৰোপৰি পুজাস্থলীসমূহত দায়িত্বশীল স্বেচ্ছাসেৱক নিয়োগ কৰিবলৈ আহ্বান প্ৰশাসনৰ। লগতে প্ৰতিগৰাকী স্বেচ্ছাসেৱকৰ পৰিচয় পত্ৰ থাকিব লাগিব।

 

কমিটিৰ লোকক পূজা মণ্ডপৰ সমীপত পাৰ্কিং নকৰিবলৈ আহ্বান প্ৰশাসনৰ। আৰক্ষীয়ে দিয়া পাৰ্কিংতহে বাহন ৰাখিব লাগিব সকলোৱে। দোকান দিয়াৰ ক্ষেত্ৰটো মানি চলিব লাগিব নিয়ম। পূজাস্থলীৰ ভিতৰত দিব নোৱাৰিব দোকান। প্ৰত্যেকখন পূজাস্থলীত পৰ্যাপ্ত পৰিমাণৰ Cctv আৰু লাইটৰ ব্যৱস্থা থাকিব লাগিব। পূজা মণ্ডপৰ দায়িত্ববাহী লোকৰ নাম বেনাৰত লিখা থাকিব লাগিব। সাংস্কৃতিক অনুষ্ঠানৰ বাবে সময় বান্ধি দিয়া হ’ব।  হেলমেট পৰিধান কৰি বাহন চলাবলৈ আহ্বান সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + six =

Back to top button