অসমআন্তঃৰাষ্ট্ৰীয়আমেৰিকাপ্ৰযুক্তিবিজ্ঞান

আমেৰিকাত উজলিল অসমৰ হৰ্ষিতা

পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন পৰিৱেশ বিজ্ঞানী ড০ হৰ্ষিতা গগৈৰ

আমেৰিকাত উজলিল অসমৰ হৰ্ষিতা। পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন পৰিৱেশ বিজ্ঞানী ড০ হৰ্ষিতা গগৈৰ।

 

জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে কৰা এই পানী পৰিশোধন প্ৰযুক্তিৰ দ্বাৰা বৰ্জিত পানীত মিহলি হৈ থকা অতি বিষাক্ত পদাৰ্থ পৰিশোধন কৰিব পাৰিব। ড০ হৰ্ষিতা গগৈৰ এই নতুন প্ৰযুক্তিয়ে পানী পৰিশোধনৰ ক্ষেত্ৰত পৰিবৰ্তন আনিব বুলিও আশা কৰা হৈছে।

 

বিশ্বৰ অন্যতম সন্মানীয় পানী প্ৰযুক্তি প্ৰতিষ্ঠান ইভোকুয়া ৱাটাৰ টেকন’লজীছত এজন আৰ এণ্ড ডি ইঞ্জিনিয়াৰিং প্ৰকল্প মেনেজাৰ হিচাপে কৰ্মৰত ড০ হৰ্ষিতা গগৈৰ ঘৰ গুৱাহাটীত। তেখেতে ২০১৬ চনত ফিনলেণ্ডৰ অউলু বিশ্ববিদ্যালয়ৰ (Oulu University)পৰা পৰিৱেশ অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পুৰ্ণ কৰে। সেই একেখন বিশ্ববিদ্যালয়ৰ পৰাই ২০২০ চনত হৰ্ষিতাই পিএইচডি ডিগ্ৰী লাভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.