অসম

সোণাৰিত উত্তপ্ত পৰিস্থিতি! ষ্টেট বেংকৰ ফলকত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ প্ৰতিবাদ

ষ্টেট বেংকত অৱ ইণ্ডিয়াৰ চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট শাখাত বেংক কতৃপক্ষই ফলকত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোম যুৱ পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাই।

চৰাইদেউ জিলাৰ সোণাৰিত উত্তপ্ত পৰিস্থিতি। বৰহাটস্থিত ষ্টেট বেংকত অৱ ইণ্ডিয়াৰ চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট শাখাত বেংক কতৃপক্ষই ফলকত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে টাই আহোম যুৱ পৰিষদ আৰু আদিবাসী ছাত্ৰ সন্থাই।

বৰহাট আঞ্চলিক সমিতিয়ে ফলকত কলা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও বেংকৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

বেংক কতৃপক্ষই প্ৰতিবাদৰ আগজাননী লাভ কৰি তাৎক্ষণিকভাৱে ফলকখন আতঁৰাব বিচাৰোঁতে প্ৰতিবাদকাৰীয়ে তাত উপস্থিত হৈ ফলকত ক’লা ৰং সানে আৰু প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে অসমত সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে অসমীয়া ভাষাৰ ব্যৱহাৰৰ দাবী জনাইছে৷ অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button