leatest updateঅসমদৈনিক বাতৰি

ৰাজ্যৰ লগতে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো প্ৰকট হৈ পৰিছে বানৰ সম্ভাৱনা৷

যিকোনো মূহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ সম্ভাৱনা..

ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো প্ৰকট হৈ পৰিছে বানৰ সম্ভাৱনা৷ নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে যিকোনো মূহূৰ্ততে পাৰ ভাঙি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ সম্ভাৱনা। এই কথা ব্যক্ত কৰিলে ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয়সমূহ ইতিমধ্যে পানীৰে উপচি থকাৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী প্ৰৱেশ কৰিলে বিস্তীৰ্ণ এলেকা প্লাৱিত হোৱাৰ সম্ভাৱনা ৷ অৱশ্যে সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। ৷ বন শিবিৰসমূহত যোগান ধৰা হৈছে হাত নাও, বোটৰ লগতে সাজু কৰি তোলা হৈছে যন্ত্ৰচালিত নাও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − three =

Back to top button