অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনা

কন্যাৰ সন্মুখতে প্ৰাণ গʼল পিতৃ-মাতৃৰ

নিমিষতে শেষ এটি পৰিয়াল

মহানগৰীৰ ভৰলুমুখত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতেই শেষ হৈ গ’ল এটা পৰিয়াল। ভৰলুমুখৰ ৮ নং গেটৰ এটা অট্টালিকাৰ ৩ য় মহলাত ভয়ংকৰ অগ্নিকাণ্ড। ছিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যুক সাৱটি ল’লে দম্পতীয়ে।

সময় পুৱা প্ৰায় ১০:২৫ মিনিট। প্ৰচণ্ড এটি শব্দই কঁপাই গ’ল ভৰলুমুখ অঞ্চলটো। লগে লগে হুৱাদুৱা লাগিল স্থানীয় ৰাইজৰ মাজত। শব্দৰ উৎস আছিল পোষ্ট অফিচৰ বিল্ডিঙৰ তৃতীয় মহলা। জানিব পৰা মতে আজি আছিল ৭ বছৰীয়া কন্যাৰ জন্মদিন। জন্মদিনৰ আয়োজন চলি থকাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। সেই সময়তেই ছিলিণ্ডাৰত অগ্নিৰ সূত্ৰপাত হয় আৰু তাৰপিছত সেই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল দম্পতীয়ে। তেতিয়াই বিস্ফোৰণ হয় ছিলিণ্ডাৰ।

এই ঘটনাটো ইমানেই ভয়াৱহ আছিল যে ৫ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত জুই নিৰ্বাপনৰ চেষ্টা চলাইছিল অগ্নিনিৰ্বাপক বাহিনীয়ে। ঘটনাতস্থলীত উপস্থিত হয় SDRF বাহিনী। কিন্তু ছিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিদগ্ধ হয় স্বামী-স্ত্ৰী। GMCH লৈ নিয়াৰ পথতেই মৃত্যু হয় দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীৰ। সম্প্ৰতি সংকটমুক্ত ৭ বছৰীয়া কন্যা। GMCH ৰ Emergency ward ত ৰখা হৈছে দম্পতিৰ মৃতদেহ। পৰিয়ালৰ উপস্থিতত মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ চমজাই দিয়া হ’ব পৰিয়ালৰ লোকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.