Social Networkজীৱনশৈলীস্বাস্থ্য

নিজ পুত্ৰক বিক্ৰী কৰিবৰ বাবে ৰাজপথৰ মাজত কান্দি কান্দি কাতৰ আহ্বান এজন আৰক্ষীৰ

এজন অসহায় পিতৃয়ে ৰাজপথৰ মাজত এনেদৰে নিজ সন্তানক বিক্ৰীৰ বাবে কাতৰ আহ্বান জনোৱা ভিডিঅ’ই এতিয়া পাকিস্তানৰ লগতে বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে

পাকিস্তানত এজন আৰক্ষীয়ে কান্দি কান্দি ৰাজপথৰ মাজত নিজ পুত্ৰক ৫০,০০০ টকাত বিক্ৰী কৰিব বিচাৰিছে। এই ঘটনাই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।
পাকিস্তানৰ আৰক্ষীৰ লোকজনে ৰাস্তাৰ মাজত থিয় দি নিজৰ দুয়োটা পুত্ৰক ৫০,০০০ টকাৰ বিনিময়ত বিক্ৰী কৰিবৰ বাবে বিচাৰে। লোকজনে এজন পুত্ৰৰ বিনিময়ত ২১,০০০ টকা দিলে হ’ব বুলিও কয়।
এনে কৰাৰ আঁৰত কাৰণ সোধাত তেওঁ জনাই যে, নিজৰ সন্তান চিকিৎসাৰ বাবে চাকৰিৰ পৰা ছুটি বিচৰাত ওপৰৰ বিষয়াই তেওঁৰ ছুটিৰ নামত ধন বিচাৰে।
উল্লেখযোগ্য যে, এজন অসহায় পিতৃয়ে ৰাজপথৰ মাজত এনেদৰে নিজ সন্তানক বিক্ৰীৰ বাবে কাতৰ আহ্বান জনোৱা ভিডিঅ’ই এতিয়া পাকিস্তানৰ লগতে বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 16 =

Back to top button