অপৰাধঅসমআঞ্চলিক

ফাদিল হ’ল ৰহস্যঃ পত্নী-জীয়ৰীয়ে ৰদেৰে মৰিয়াই-মৰিয়াই হত্যা কৰিছিল কালী মন্দিৰৰ পুৰোহিত নাৰায়ণ চক্ৰৱৰ্তীক

হত্যাকাণ্ডৰ গোচৰত সোমবাৰে মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে

অৱশেষত ফাদিল হ’ল ৰহস্য। উৎকন্ঠাৰ অন্ত পেলাই আৰক্ষীৰ জালত পল্টন বজাৰৰ কালীবাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত।

পল্টন বজাৰৰ কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাই অৱশেষত গ্ৰেপ্তাৰ কৰিলে মূল হত্যাকাৰীক।

হত্যাকাণ্ডৰ গোচৰত সোমবাৰে মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰপিছতে পোহৰলৈ আহিছে মূল কাহিনী। পত্নী-জীয়ৰীয়ে মিলি হত্যা কৰিছিল পুৰোহিত নাৰায়ণ চক্ৰৱৰ্তীক।

পাৰিবাৰিক কাৰণৰ বাবেই নাৰায়ণ চক্ৰৱৰ্তীক ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল পত্নী আৰু জীয়ৰীয়ে। ইতিমধ্যে পত্নী মৌচুমী চক্ৰৱৰ্তী আৰু জ্যেষ্ঠ জীয়ৰীক গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে। হত্যাকাণ্ডৰ সৈতে তৃতীয় পক্ষ জড়িত থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে।

অৱশ্যে, তদন্তৰ খাতিৰত তৃতীয় পক্ষৰ বিষয়ে মুখ খোলা নাই আৰক্ষীয়ে। পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত মৌচুমী। আজি CJM আদলতত হাজিৰ কৰোৱা হ’ব মৌচুমী চক্ৰৱৰ্তীক। আহাতে, জীয়ৰীক লৈ যোৱা হ’ব শিশু আদালতলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button