অসমপৰ্যটন

পৰ্যটকৰ বাবে মুকলি হ’ব ভূটানৰ মূল প্ৰৱেশদ্বাৰ। পৰ্যটকৰ বাবে বান্ধি দিলে কেটবোৰ নতুন নিয়ম

অহা ২৩ ছেপ্তেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব ভাৰত-ভূটানৰ মূল প্ৰৱেশদ্বাৰ

পৰ্যটকৰ বাবে সুখবৰ। অহা ২৩ ছেপ্তেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব ভাৰত-ভূটানৰ মূল প্ৰৱেশদ্বাৰ।

 

অহা ২৩ ছেপ্টেম্বৰৰ পৰা অসম সীমান্তৱৰ্তী সমদূপ জংখাৰ আৰু গেলেফুত থকা ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। আঢ়ৈ বছৰৰ বিৰতিৰ পিছত পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব ভূটান। জানিব পৰা অনুসৰি, ৰাজ্যখনত ক’ভিড-১৯ৰ সংক্ৰমণ কমাৰ বাবে ২৩ ছেপ্টেম্বৰৰ পৰা ভাৰত-ভূটান সীমান্ত মুকলি কৰিবলৈ চৰকাৰ সকলো সাজু হৈছে।

 

হিমালয় ৰাজ্যৰ গৃহ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সঞ্চালক তাছি পেঞ্জোৰে কয় যে, ক’ভিড ৰোগী কমি অহাৰ বাবে ভূটান চৰকাৰে ২৩ ছেপ্টেম্বৰত ভাৰতৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত মুকলি কৰা হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে তেওঁলোক পৰ্যটকসকলক সকলোখিনি সুবিধা প্ৰদান কৰিবলৈ সাজু হৈছে আৰু পৰ্যটকসকলক ভূটানৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।

 

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ফুয়েনশ্বলিং আৰু পাৰোৰ উপৰিও পৰ্যটকৰ বাবে অতিৰিক্ত তিনিটা প্ৰৱেশ গেট সংযোজন কৰিছে। ভূটানলৈ যোৱা পৰ্যটকৰ পৰা এটা উন্নয়ন পুঁজি (এছডিএফ) লোৱা হ’ব, যিটো পৰিৱেশ সংৰক্ষণৰ উপৰিও সেৱা আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ব্যয় কৰা হ’ব। তাৰোপৰি ভূটান চৰকাৰে পৰ্যটকৰ বাবে ইক’-টুৰিজিম, বাৰ্ড-ৱাচিং আদি পেকেজৰ পৰিকল্পনাও কৰিছে। ভ্ৰমণৰ সময়ত পৰ্যটকসকলক ভোটাৰ পৰিচয় পত্ৰ আৰু অন্যান্য প্ৰাসংগিক নথি-পত্ৰ লগত আনিবলৈ আহ্বান জনাইছে কতৃপক্ষয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + nine =

Back to top button