অপৰাধঅসম

সাৱধান! আপুনিও পৰিব পাৰে চাইবাৰ অপৰাধীৰ জালত

এইবাৰ চাইবাৰ অপৰাধীৰ কবলত পৰিল সংবাদকৰ্মী

সাৱধান! আপুনিও পৰিব পাৰে চাইবাৰ অপৰাধীৰ জালত। ফেচবুক বা অন্যান্য একাউণ্ট হেক কৰি আপোনাকো ব্লেকমেইলিং কৰি কৰিব পাৰে সৰ্বশ্ৰান্ত।

 

অসমত বৰ্তমানেও সক্ৰিয় হৈ আছে এক বৃহৎ চাইবাৰ অপৰাধীৰ চক্ৰ। এই অপৰাধী চক্রই দৈনিক অসংখ্য লোকক বিভিন্ন প্রলোভন তথা ব্লেকমেইলিং কৰি লুন্ঠন চলাই আহিছে। চাইবাৰ অপৰাধীৰ কবলৰ পৰা সাৰি নগ’ল সংবাদকৰ্মীও। এইবাৰ চাইবাৰ অপৰাধীৰ কবলত পৰিল চিলাপথাৰৰ শম্ভু দাস নামৰ এগৰাকী সংবাদকৰ্মী। DA NEWS PLUS নামৰ নিউজ চেনেলটোৰ চিলাপথাৰৰ সংবাদকৰ্মী ৰূপে কৰ্মৰত শম্ভূ দাস।

 

কিছুদিন পূর্বে ফেচবুকত শম্ভু দাসলৈ গৰ্বিতা আগৰৱালা নামৰ এটা একাউন্টৰ পৰা Friend Request আহিছিল। সংবাদকৰ্মীজনে নভবা নিচিন্তাকৈয়ে ৰিকুৱেষ্টটোত সন্মতি জনাইছিল। তাৰপিছতে পুনৰ ফেচবুক একাউন্টৰ যোগেদি তেওঁৰ হোৱাটছআপ নাম্বাৰ বিচৰাত শম্ভূ দাসয়েও দি দিয়ে নাম্বাৰ। তাৰ পিছতে তেওঁৰ মোবাইলত এটা অচিনাকি নাম্বাৰৰ পৰা ভিডিঅ’ কল কৰে। কিন্তু কথাপতাৰ সলনি এটা অশ্লীল ভিডিঅ’ প্ৰদৰ্শন কৰে আৰু স্ক্ৰীন ৰেকৰ্ডিং কৰি সাংবাদিক জনৰ ভিডিঅ’ ফেচবুকত আপলোড কৰে। আৰু সাংবাদিক জনৰ পৰা তৎক্ষণাত ৫,১০০ টকা দাবী কৰাৰ লগতে ভাবুকি দিয়ে ভিডিঅ’টো ভাইৰেল কৰি দিয়াৰ। উপায়ন্তৰ হৈ সংবাদকৰ্মীজন চিলাপথাৰ আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে ভুক্তভোগী শম্ভূ দাসে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + six =

Back to top button