অপৰাধঅসমআঞ্চলিক

তিনি মিনিটত তিনি বটল চুলাই খাই সিপুৰী পালেগৈ যুৱক…

মিচিং বসতি প্ৰধান গাঁও সমূহত বদতিঘাট আৰক্ষীৰ সহযোগত বিহপুৰীয়া জিলা সমিতিৰ TMPK, MMK আৰু TMMKৰ একাংশ সদস্যই চুলাইৰ ভাটিসমূহ উচ্ছেদ কৰে। এই অভিযানত প্ৰায় এক হাজাৰ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে ৷

ৰাজ্যত সংঘটিত হৈছে এক আচহুৱা ঘটনা। এইবাৰ চুলাই প্ৰতিযোগিতাত নামি মৃত্যুক সাৱটিলে এজন যুৱকে।
এই ঘটনা সংঘটিত হৈছে লখিমপুৰত। লখিমপুৰৰ বিহপুৰীয়াত বৰবিহ পানীয় চুলায়ে ইটোৰ পিছত সিটো পৰিয়াললৈ ঘোৰ অমানিশা নমাই অনাৰ সময়তে চুলাই খাই মৃত্যুক সাৱটি লয় এজন যুৱকে।

উল্লেখযোগ্য যে, দুদিন পূৰ্বে এজন যুৱ কৃষকে তিনি মিনিটত তিনি বটল চুলাই সেৱন কৰি লগে লগে মৃত্যুক সাৱটি লয়।
এই ঘটনাৰ পিছতে বিহপুৰীয়াত চুলাইৰ বিৰুদ্ধে চলোৱা হৈছে অভিযান। মিচিং বসতি প্ৰধান গাঁও সমূহত বদতিঘাট আৰক্ষীৰ সহযোগত বিহপুৰীয়া জিলা সমিতিৰ TMPK, MMK আৰু TMMKৰ একাংশ সদস্যই চুলাইৰ ভাটিসমূহ উচ্ছেদ কৰে। এই অভিযানত প্ৰায় এক হাজাৰ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে ৷

ইয়াৰোপৰি, গাঁও সমূহত চলি থকা জুৱাৰ ঘাটিও উচ্ছেদ কৰে অভিযানকাৰী দলটোৱে৷ কেৱল এয়াই নহয়, জুৱাৰ ঘাটি সমূহৰ পৰা উদ্ধাৰ কৰা কাৰ্টুনে কাৰ্টুনে তাচপাত ৰাজপথত জ্বলাই দি হুংকাৰ দিয়ে জুৱা পাৰ্টিৰ বিৰুদ্ধে ৷

যিটো সময়ত ৰাজ্যৰ আৱকাৰী বিভাগে এনে ধৰণৰ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই সময়ত কিন্তু জাতীয় সংগঠনে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কথাটো সঁচায়ে প্ৰশংসনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − seven =

Check Also
Close
Back to top button