Covid-19অসম

ক’ভিডত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা, বৰ্তমান কেনে আছে মন্ত্ৰীগৰাকী?

বৃহস্পতিবাৰে, ক'ভিডত আক্ৰান্ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। দিল্লীৰ পৰা উভতি অহাৰ সময়তে ক'ভিড ধৰা পৰে মন্ত্ৰীগৰাকীৰ।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৮৪৪ গৰাকী লোক। বহুতৰে দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ লগতে ৯ জন লোকৰ দেহত ধৰা পৰিছে অমিক্ৰন ভাইৰাছ।

বৃহস্পতিবাৰে, ক’ভিডত আক্ৰান্ত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। দিল্লীৰ পৰা উভতি অহাৰ সময়তে ক’ভিড ধৰা পৰে মন্ত্ৰীগৰাকীৰ দেহত।

 

অৱশ্যে তেখেতৰ দেহত বহুত বেছি লক্ষণ ধৰা পৰা নাই। সামান্য লক্ষণহে আছে মন্ত্ৰীগৰাকীৰ।

শুকুৰবাৰে, ম’নক্লনেল এণ্টিবডি ল’বলৈ GMCH লৈ আহিছিল মন্ত্ৰীগৰাকী। বৰ্তমান কিছু পৰিমাণে সুস্থ যদিও পুনৰ হোম আইশ্ব’লেচনত থাকিব মন্ত্ৰীগৰাকী। শীঘ্ৰেই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব বুলি মন্তব্য GMCH অধ্যক্ষৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.