অসমঅসম আৰক্ষী

মহানগৰীত জব্দ ৮.৩৮ কোটি টকাৰ সোণৰ বিস্কুট…

বিদেশৰ এই সোণ ইণ্ডো-ম্যানমাৰ সীমান্তইদি সৰবৰাহ কৰা হৈছিল এই বৃহৎ পৰিমাণৰ অবৈধ সোণ।

মহানগৰীত সোণৰ বেহা। গুৱাহাটীৰ মাজেৰে অব্যাহত আছে অবৈধ সোণৰ সৰবৰাহ। গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ৯৬খন সোণৰ বিস্কুট। বৃহস্পতিবাৰে, DIRECTORATE OF REVENUE INTELLIGENCE ৰ গোপন অভিযানত জব্দ হৈছে কোটি কোটি টকাৰ অবৈধ সোণ।

 

 

ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ কৰাৰ সময়তে DRIৰ অভিযানত জব্দ হৈছে ৮.৩৮ কোটি টকাৰ মুঠ ১৫.৯৩ কেজিৰ সোণ। সমগ্ৰ গোপনভাৱে ‘GOLD ON THE HIGHWAY’ নামেৰে কৰা হৈছিল এই অভিযান। বিদেশৰ এই সোণ ইণ্ডো-ম্যানমাৰ সীমান্তইদি সৰবৰাহ কৰা হৈছিল এই বৃহৎ পৰিমাণৰ অবৈধ সোণ।

 

 

উল্লেখ্য যে, ডিমাপুৰ আৰু গুৱাহাটীত চলিছিল এই বিশেষ অভিযান। দুখন তেলৰ টেঙ্কাৰ আৰু ট্ৰাকত চলিছিল অভিযান। মণিপুৰ হৈ আহিছিল ট্ৰাক কেইখন। গোপন খবৰ লাভ কৰিয়েই, ডিমাপুৰ-গুৱাহাটীৰ হাইৱে’ত পৃথক পৃথক ঠাইত অভিযান চলাই জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ সোণ। অভিযানত জব্দ কৰা হৈছে ৯৬খন সোণৰ বিস্কুট। ইতিমধ্যে, ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৫ অভিযুক্তক। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button