অসমআঞ্চলিক

ভৰা লুইতত ডুব গ’ল যাত্ৰীবাহী ফেৰী, শংকৰদেৱ তিথিৰ দিনাই মহাবাহুত প্ৰাণ হেৰুৱালে শতাধিক যাত্ৰীয়ে

এতিয়াও নিৰুদ্দেশ হৈ আছে ৩০-৪০ জন যাত্ৰী

যোৰহাটৰ নিমাতী ঘাটত ফেৰী দুৰ্ঘটনা। ব্রহ্মপুত্রৰ বুকুত ডুবিল ‘মা কমলা’ আৰু ‘টিপকাই’।

যোৰহাটৰ পৰা মাজুলীৰ কমলাবাৰীলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এখন ফেৰী আৰু এখন জাহাজৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

শতাধিক যাত্রী আছিল ‘মা কমলা’ ফেৰীখনত। এতিয়াও নিৰুদ্দেশ হৈ আছে ৩০-৪০ জন যাত্ৰী। দুখন ফেৰীৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি SDRF-NDRF বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ৩২জন যাত্ৰী।

এই শোকাৱহ ঘটনাৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে গভীৰ শোক। নিমাতী ঘাটৰ সমীপত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলী শীঘ্ৰে পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে অভিভাৱক মন্ত্ৰীক।

ঘটনাৰ চৰজমিন বুজ লোৱাৰ বাবে মন্ত্ৰী বিমল বৰাক তৎকালে ঘটনাস্থলীত উপস্থিত হ’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক অহৰ্নিসে পৰিস্থিতি নিৰীক্ষণৰ বাবে তেওঁ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ নিজেও নিমাতিঘাটত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.