Educationঅসম

ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অসমতো উঠিল সাফল্যৰ জোৱাৰ

২৪ ছেপ্টেম্বৰত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ’ল।
ফলাফল ঘোষণাৰ পিছতে সফল হোৱা সকলোৰে ঘৰে ঘৰে উঠিল আনন্দৰ জোৱাৰ।
বিহাৰৰ শুভমে প্ৰথম স্থান দখল কৰাৰ লগতে, দ্বিতীয় আৰু তৃতীয়ত আছে ক্ৰমে জাগৃতি অৱস্থি আৰু অংকিতা জৈন। সেই অংকিতাৰেই ভগ্নী বৈশালী জৈনেও এইবাৰৰ প্ৰশাসনিক সেৱাত সাফল্য লাভ কৰিছে।
ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত পিছ পৰি নাথাকিল অসম। অসমতো উঠিল সাফল্যৰ জোৱাৰ। হাইলাকান্দিৰ আহমেদ হাছানুজ্জামান চৌধুৰীৰে এই প্ৰশাসনিক সেৱাত স্থান লাভ কৰিলে। সৰ্বভাৰতীয় ৰেংকিং ২৮৩ স্থানত হাইলাকান্দিৰ হাছানুজ্জামান।
আনহাতে ২০১৬ বৰ্ষৰ শীৰ্ষ স্থান প্ৰাপ্ত টীনা ডাবীৰ ভগ্নীৰো এইবাৰৰ পৰীক্ষাত সাফল্য, দেশৰ ভিতৰতে ১৫ সংখ্যক স্থান লাভ কৰিছে টীনৰ ভগ্নী ৰিয়া ডাবীয়ে।
জ্যেষ্ঠ ভগ্নী অংকিতাই তৃতীয় স্থান দখন কৰাৰ লগতে ভগ্নী বৈশালীয়ে ২১ তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
২০২০ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফলত দেশৰ মুঠ ৭৬১ গৰাকীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰে ৫৪৫ গৰাকী পুৰুষ প্ৰাৰ্থী হোৱাৰ বিপৰীতে ২১৬ গৰাকী মহিলা প্ৰাৰ্থী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.