অপৰাধঅসম

আৰক্ষীৰ জালত ভাৰত চৰকাৰৰ ভুৱা বিষয়া মৃদুপৱন

উদ্ধাৰ হৈছে বহুতো আপত্তিজনক নথি-পত্ৰ

কাহিলীপাৰাৰ প্ৰৱঞ্চনাৰ গোচৰত মৃদুপৱন নেওঁগ নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীৰ চলালে অভিযানত।

দীৰ্ঘসময় ধৰি বহুলোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত মৃদুপৱন নেওঁগৰ কাহিলীপাৰাৰ বাসগৃহত নগাওঁ আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল অভিযান। আৰক্ষীৰ অভিযানৰ সময়ত যুৱকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বহুতো আপত্তিজনক নথি-পত্ৰ।

নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়া নেওঁগে ব্যক্তিগত বাহনত ভাৰত চৰকাৰৰ ষ্টিকাৰ মাৰি থোৱা তথ্যও পোহৰলৈ আহিছে।

আৰক্ষীৰ অভিযানৰ সময়ত যথেষ্ট সংখ্যক সোণৰ আ-অলংকাৰ উদ্ধাৰ হোৱাৰ লগতে উদ্ধাৰ হৈছে এটা .৩২এম এম পিষ্টলসহ ২০জাই সজীৱ গুলী।

যুৱকজনৰ বিৰুদ্ধে নেহাৰ কাৰ বজাৰে নগাঁৱত গোচৰ ৰুজু কৰিছিল। গাড়ী বিক্ৰীৰ নামত ৩০লাখ টকা প্ৰৱঞ্চনা কৰিছিল এই যুৱকজনে।

অভিযানত জালিয়াতিৰে বহু দুকাৰ্ষ্ষ সংঘটিত কৰাৰ অভিযোগ আছে নেওঁগৰ বিৰুদ্ধে।

দেশৰ তথা ৰাজ্যৰ বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠ বুলি দাবী কৰি তেওঁলোকৰ সৈতে তোলা ফটো ছচিয়েল মিডিযাত শ্বেয়াৰ কৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল নেওঁগে।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.