Assamnorth eastViralঅসম

ভয়াৱহ হাৰত কমিছে কেঁচা চাহপাতৰ দাম

ঢেকিয়া-খুঁটুৰা শাকতকৈয়ো এতিয়া কম কেঁচা চাহপাতৰ দাম

ঢেকিয়া-খুঁটুৰা শাকতকৈয়ো এতিয়া কম কেঁচা চাহপাতৰ দাম । চাহৰ কেঁচা পাতৰ দাম এতিয়া কিলোত মাত্ৰ ১২ টকা । ৰাজ্যজুৰি কেঁচা চাহপাতৰ দাম অস্বাভাৱিক হাৰত হ্ৰাস পোৱাত হাঁহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত৷ কিয়নো চাহ খেতিত হোৱা ব্যয়তকৈ কমিছে উপাৰ্জনৰ পৰিমাণ।

শেহতীয়াকৈ ৰাজ্যত –
১. বিশ্বনাথত ৪০ টকাৰ পাত হ’লগৈ কিলোত ১১ টকা
২. শিৱসাগৰতো ১৬ টকালৈ কমিল কেঁচা চাহপাতৰ দাম

কেঁচা চাহৰ দাম নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বিচাৰিছে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ৷ কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কলৈ অহা এই ভাবুকিক লৈ নিৰ্লিপ্ত ৰাজ্য চৰকাৰ ৷

অসমৰ কেঁচা চাহপাতৰ দাম নিৰূপন কৰে বৃহৎ চাহ গোষ্ঠীয়ে ৷ Tea Boardৰ গাইডলাইন, জিলা আয়ুক্তৰ নিৰ্দেশনা অমান্য কৰি পেকিজিং কোম্পানীসমূহে নিজাকৈ দাম নিৰ্দ্ধাৰণ কৰি ক্ষুদ্ৰ চাহ খেতিয়কক বঞ্চনা কৰি অহাৰ অভিযোগ উঠিছে৷
ইতিমধ্যে, লোকচানৰ সন্মুখীন হৈ বহু ক্ষুদ্ৰ কৃষকে বাগিচা, ৰিজৰ্ট আদিৰ বাবে লীজত দিয়াৰ কথা চিন্তা-চৰ্চা কৰিছে৷ সেয়ে পূঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গৈ চৰকাৰে যদি ক্ষুদ্ৰ চাহ খেতিয়কলৈ অহা এই ভাবুকিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, অদূৰ ভৱিষ্যতে অসমতে ইতিহাস হ’ব অসমৰ গৌৰৱ চাহ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.