AssamHimanta Biswa Sarmaঅসম

মাটি ক্ৰয়-বিক্ৰয় কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।

এতিয়াৰে পৰা মন গ'লেই অন্য ধৰ্মৰ লোকক বিক্ৰী কৰিব নোৱাৰিব মাটি!

মাটি ক্ৰয়-বিক্ৰয় কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।এতিয়াৰে পৰা মন গ’লেই অন্য ধৰ্মৰ লোকক বিক্ৰী কৰিব নোৱাৰিব মাটি! যিহেতু বুধবাৰৰ দিনটোত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক আৰু বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই বৃহৎ ঘোষণাটো।ইতিমধ্যে কেবিনেটে ভিন্নধৰ্মী লোকৰ মাজত ভূমি বিক্ৰীক লৈ প্ৰকাশ কৰিলে নিৰ্দেশনা।নিয়ম অনুসৰি মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত প্ৰথমে চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰিব লাগিব আবেদন। চক্ৰ বিষয়াই প্ৰাথমিক পৰীক্ষা কৰি পঠিয়াব জিলা আয়ুক্তলৈ। তাৰ পাছত জিলা আয়ুক্তই ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব।ৰাজহ বিভাগত এগৰাকী নোডেল বিষয়াই নথি পৰীক্ষা কৰিব। ৰাজহ বিভাগে ফাইল প্ৰেৰণ কৰিব অসম আৰক্ষীৰ বিশেষ শাখা (SB)লৈ। SBয়ে চাৰিটা বিষয়ত মূলতঃ পৰীক্ষা আৰু অনুসন্ধান কৰিব। ষিকেইটা হৈছে –

১. মাটিৰ গৰাকী বৈধ হয়নে নহয় আৰু নথিৰ জালিয়াতি আছে নেকি?
২. কিনোতাৰ ধনৰ উৎস পৰীক্ষা কৰিব।
৩. মাটি কিনা-বেচাৰ ফলত এলেকাটোত সামাজিক প্ৰভাৱ পৰিব নেকি?
৪. মাটি কিনা-বেচাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হ’ব নেকি?

অৱশেষত জিলা আয়ুক্তই সকলো চালি-জাৰি চাই অনুমতি দিব বা নাকচ কৰিব। ৰাজ্যৰ বাহিৰৰ NGOৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.