অসমআঞ্চলিকগুৱাহাটীবতৰ

ফাইলতে আৱদ্ধ হৈ থাকিল স্মাৰ্ট চিটী! নেৰানেপেৰা বৰষুণে স্তদ্ধ কৰিলে গুৱাহাটীৰ ব্যস্ততা…

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) গুৱাহাটীত বজ্ৰপাত আৰু ৩১মিমি (১.২২") তীব্ৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।

এজাক বৰষুণতে উটুৱাই নিলে মহানাগৰিকৰ আভিজাত্য। স্মাৰ্ট চিটিৰ পৰিৱৰ্তে বানপানী জৰ্জৰ মহানগৰীলৈ পৰিণত হৈছে গুৱাহাটী। নেৰানেপেৰা বৰষুণৰ ফলত শুকুৰবাৰে গুৱাহাটীৰ কেইবাটাও ঠাইত পানী জমা হোৱাৰ ফলত স্তদ্ধ হৈ পৰে বাট-পথ, যাতায়াত ব্যৱস্থা।

 

যাৰফলত হাতীগাওঁ, বেলতলা, চান্দমাৰী, চিৰিয়াখানা পথ আৰু অন্যান্য অঞ্চলত সমস্যাই দেখা দিছে। অফিচ, বিদ্যালয়-কলেজ অথবা অন্যান্য কামত ওলাই আহি কৃত্ৰিম বানৰ বাবে ৰাজপথতে ঘণ্টা-ঘণ্টা জুৰি আৱদ্ধ হৈ ৰ’ল জনসাধাৰণ।

 

উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) গুৱাহাটীত বজ্ৰপাত আৰু ৩১মিমি (১.২২”) তীব্ৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। ইফালে, শুকুৰবাৰে (১৩/০৫/২০২২) ১.০০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাউঞ্চিলৰ সাধাৰণ নিৰ্বাচনৰ পিছত গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.