Social Networkঅপৰাধঅসম

ছাত্ৰীক টপাৰ বনাই দিম বুলি মেছেজ দি নিলম্বিত হ’ল শিক্ষক

বিলাসীপাৰা মহাবিদ্যালয় অঘটন

ভালদৰে পঢ়া-শুনা কৰিবলে আজিকালি ল’ৰা-ছোৱালীয়ে বিদ্যালয়ৰ শিক্ষাৰ উপৰিও অভিজ্ঞ শিক্ষকৰ ওচৰত টিউচন গ্ৰহণ কৰে৷ কিন্তু টিউচনৰ নামত একাংশ শিক্ষকে কৰে কিছুমান কলংকিত কাম৷
এতিয়াও চাগে সকলোৰে মনত আছে অংক ছাৰৰ কথা। এইবাৰৰ অংকৰ ছাৰ নহয়, কাহিনীৰ মূল নায়ক শিক্ষা বিভাগৰ ছাৰৰহে৷ পিছে শিক্ষা বিভাগৰ ছাৰে শিক্ষাদানত লগালে অথন্তৰ৷ ছাৰে নিজৰ শিক্ষাৰ্থীক মেছেজ নকৰা হ’লে কোনেও চাগে নাজানিলেই হয় ছাৰৰ ৰঙিয়াল মনটোৰ কথা৷
মানে কথাটো এনেধৰণৰ- ঐতিহ্যমণ্ডিত কলেজ হিচাপে বিলাসীপাৰা মহাবিদ্যালয়ৰ এটা নাম আছে ৷ কিন্তু এই নামতে কালিমা সানিলে আমাৰ শিক্ষা বিভাগৰ এজন শিক্ষকে ৷ অনলাইন শিক্ষাৰ নামত ছাৰে অশ্লীল ইংগিত প্ৰদান কৰিলে এগৰাকী ছাত্ৰীক৷ কেৱল সেয়াই নহয় মেছেজো দিলে ছাত্ৰীগৰাকীক৷ মেছেজত ছাৰে ক’লে, ছাৰৰ কথাত মান্তি হ’লে ছাত্ৰীগৰাকীক বনাই দিব টপাৰ৷ বিষ্ণুপদ ৰায় নামৰ শিক্ষকজনৰ মেছেজ লাভ কৰি ছাত্ৰীয়ে সমস্ত ঘটনা বিৱৰি ক’লে পৰিয়ালক৷ পৰিয়ালৰ লোকে ছাৰক বিচাৰি উপস্থিত হ’ল মহাবিদ্যালয়ত৷
ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগত আহিল বহুকেইটা দল-সংগঠনৰ বিষয়ববীয়া৷ তাৰপিছতে উত্তপ্ত হৈ পৰে কলেজ চৌহদ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি৷ ৰাইজৰ উগ্ৰমূৰ্তি দেখি উপায়ন্তৰ মহাবিদ্যালয়খন কৰ্তৃপক্ষই মুহুৰ্ততে এমাহৰ বাবে কৰিলে নিলম্বন ছাৰক৷ বেচেৰা ছাৰৰ ছাত্ৰীক টপাৰ বনোৱাৰ আশা মনতে থাকি গ’ল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 5 =

Back to top button